অসম

assam

ETV Bharat / state

Minister Parimal Suklabaidya: পৰিবহন মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ উপস্থিতিত ৰাজ্যিক পথ সুৰক্ষা পৰিষদৰ বিশেষ বৈঠক

মহানগৰীৰ বশিষ্ঠস্থিত অসম জল ভৱনত পৰিবহন মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ উপস্থিতিত অনুষ্ঠিত হয় ৰাজ্যিক পথ সুৰক্ষা পৰিষদৰ বিশেষ বৈঠক ৷ এই বৈঠকত ৰাজ্যিক পথ সুৰক্ষা পৰিষদৰ লগতে পৰিবহন, আৰক্ষী তথা স্বাস্থ্য বিভাগৰ বিষয়াসকল উপস্থিত থাকে ৷

Special Meeting of Assam road safety council
অসম জল ভৱনত পৰিবহন বিভাগৰ বিশেষ বৈঠক

By

Published : Jun 29, 2023, 10:30 AM IST

পথ সুৰক্ষা পৰিষদৰ বিশেষ বৈঠক

গুৱাহাটী, 29 জুন :মহানগৰীৰ বশিষ্ঠস্থিত অসম জল ভৱনত পৰিবহন বিভাগৰ বিশেষ বৈঠক ৷ ৰাজ্য চৰকাৰৰ পৰিবহন মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ উপস্থিতিত অনুষ্ঠিত হয় ৰাজ্যিক পথ সুৰক্ষা পৰিষদৰ বিশেষ বৈঠক ৷ ৰাজপথত জনসাধাৰণক সুৰক্ষিত কৰি ৰাখিবলৈ প্ৰতিটো বিভাগৰ ভূমিকা সম্পৰ্কে আলোচনা কৰা হয় বৈঠকত ৷

বুধবাৰে অনুষ্ঠিত হোৱা এই বৈঠকত ৰাজ্যিক পথ সুৰক্ষা পৰিষদৰ লগতে পৰিবহন, আৰক্ষী তথা স্বাস্থ্য বিভাগৰ বিষয়া সকল উপস্থিত থাকে ৷ বৈঠকত উপস্থিত থাকি পৰিবহন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই কয় যে ৰাজপথৰ দুৰ্ঘটনা এক ডাঙৰ সমস্যা ৷ দুৰ্ঘটনা হ্ৰাস কৰিবলৈ পৰিষদৰ লগতে পৰিবহন বিভাগে ব্যৱস্থা লৈছে ৷ ৰাজপথ বেয়া হোৱাৰ উপৰিও ৰাজপথ ভাল হোৱাৰ বাবেও দুৰ্ঘটনা সংঘটিত হয় বুলি মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে ৷

তেওঁ লগতে কয় যে, অতিমাত্ৰা গতিবেগ দুৰ্ঘটনা সংঘটিত হোৱাৰ এটা মূল কাৰণ ৷ লগতে যানবাহন আইন মানি নচলা, সুৰাপান কৰি বাহন চলোৱাৰ বাবেও যথেষ্ট দুৰ্ঘটনা সংঘটিত হয় ৷ সুৰাপান কৰি ঘৰতে থাকিব লাগে ৷ সুৰাপান কৰিলে নিজৰেই ঠিকনা নাথাকে কিন্তু বাহন চলায় ৷ লগতে মন্ত্ৰীজনে কয় যে প্ৰতিখন জিলাত উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকে পূৰ্বে দুৰ্ঘটনা সংঘটিত হোৱা স্থান সমূহ পৰ্যবেক্ষণ কৰাৰ লগতে দুৰ্ঘটনাৰ সম্ভাৱনাময় স্থান সমূহ পৰিদৰ্শন কৰি বিভাগক অৱগত কৰিব‌ ৷ ডাম্পাৰৰ দৌৰাত্ম্য ৰোধ কৰিবলৈ ব্যৱস্থা ল'ব পৰিষদে বুলিও কয় পৰিবহন মন্ত্ৰীজনে ৷ লগতে গতিবেগ নিয়ন্ত্ৰণ আৰু পৰ্যবেক্ষণৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথত চিচি টিভি কেমেৰা লগোৱাৰ পৰিকল্পনা কৰিছে বিভাগটোৱে বুলি মন্তব্য কৰি আই টি আইত যানবাহন চালক প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰা হ'ব বুলিও জানিবলৈ দিয়ে মন্ত্ৰীজনে ৷

আনহাতে সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ ৰাজ্যত হোৱা প্ৰতিবাদ সন্দৰ্ভত মন্তব্য আগবঢ়াই মন্ত্ৰী পৰিমল শুক্লবৈদ্যই কয় যে, কংগ্ৰেছ, আমছু, AIUDF ৰ কামেই হৈছে প্ৰতিবাদ কৰা ৷ সমষ্টি পুনৰ নিৰ্ধাৰণক ৰাইজে আঁকোৱালি লৈছে ৷ যদি এইয়া অন্যায় হৈছে, কেনেকৈ কি কৰিলে সকলোৱে ন্যায় পাব সেয়া নিৰ্বাচনী আয়োগক তেওঁলোকে জনাওক বুলি মন্তব্য কৰে মন্ত্ৰীজনে ৷

লগতে পঢ়ক:Orders Transfer of Lat Mandal: মৰিগাঁৱত 81 জনকৈ লাটমণ্ডল, কাননগোক বদলিৰ নিৰ্দেশ

ABOUT THE AUTHOR

...view details