গুৱাহাটী, ১৫ নৱেম্বৰ : ২০২২ বৰ্ষৰ ৫ জানুৱাৰীত প্ৰকাশ পাবলগীয়া চূড়ান্ত ভোটাৰ তালিকাৰ পৰিশুদ্ধতা প্ৰদানৰ প্ৰতি লক্ষ্য ৰাখি কামৰূপ মহানগৰ নিৰ্বাচন জিলাত ভোটাৰ তালিকাৰ খচৰাৰ পুনৰীক্ষণ তথা সংশোধনৰ ক্ষেত্ৰত বিশেষ উদ্যোগ গ্ৰহণ কৰা হৈছে । এই উদ্দেশ্যে জিলাখনত ২১ নৱেম্বৰ আৰু ২৭ নৱেম্বৰত গ্ৰহণ কৰা বিশেষ অভিযানৰ লগত সংগতি ৰাখি সোমবাৰে বি বৰুৱা মহাবিদ্যালয়ৰ ড৹ ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা এখন সভা অনুষ্ঠিত হয় ৷
সভাত মুখ্য অতিথি হিচাপে ৰাজ্যৰ যুটীয়া মুখ্য নিৰ্বাচনী বিষয়া (joint ceo election department) ইমলী বৰুৱা অংশগ্ৰহণ কৰে । অতিৰিক্ত উপায়ুক্ত (নিৰ্বাচন) ড৹ ধ্ৰুৱ হাজৰিকা, কামৰূপ মহানগৰৰ জিলাৰ নিৰ্বাচনী বিষয়া ভাস্কৰজ্যোতি কলিতা, বি বৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ সত্যেন্দ্ৰ নাথ বৰ্মণ, উপাধক্ষ্য ড৹ মাইনা শৰ্মা আৰু ভালেসংখ্যক ছাত্ৰ-ছাত্ৰীয়ে সভাত অংশগ্ৰহণ কৰে ৷
লগতে পঢ়ক:MLA Training Camp: মুম্বাইৰ পিছত এইবাৰ দিছপুৰত বিধায়কৰ প্ৰশিক্ষণ