গুৱাহাটী, ১৯ জুলাই: অসমৰ চৰ-চাপৰিবাসী মুছলমান লোকৰ মাজত জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে কাৰ্যতঃ ৰাজ্য চৰকাৰৰ উদ্যোগত গঠন হ'ব 'পপুলেছন আৰ্মী'। সোমবাৰে বিধানসভাৰ মজিয়াত বিধায়ক শ্বেৰমান আলীৰ এক প্ৰশ্নৰ উত্তৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এই কথা প্ৰকাশ কৰে । ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰে জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে লোৱা তৎপৰতাৰ অংশ হিচাপে চৰ-চাপৰিবাসীৰ মাজত এক বিশেষ সজাগতামূলক অভিযান আৰম্ভ কৰিবলৈ সিদ্ধান্ত লৈছে ।
বিধানসভাৰ মজিয়াত বিধায়ক শ্বেৰমান আলীৰ এক প্ৰশ্নৰ উত্তৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এই কথা প্ৰকাশ কৰে যে ৰাজ্যত জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে অসম চৰকাৰে ল'ব কেতবোৰ বাৱহাৰিক পদক্ষেপ । চৰ অঞ্চলত বসবাস কৰা মুছলমান মহিলাসকলৰ মাজত পৰিয়াল পৰিকল্পনা আৰু জনসংখ্যা নিয়ন্ত্ৰণৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবে ৰাজ্য চৰকাৰে এই বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব বুলি বিধানসভাত সোমবাৰে স্পষ্টকৈ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।
মুখ্যমন্ত্ৰীয়ে সদনত কয় যে, ইতিমধ্যে দাখিল কৰা ২০২১-২২ বৰ্ষৰ বাজেটত এই কথা ঘোষণা কৰাৰ কথা আছিল যদিও কাৰিকৰী কাৰণত পৰৱৰ্তী সময়ত বাজেটত ঘোষণা কৰা নহ'ল ।
সেই অনুসৰি, চৰ অঞ্চলৰ দহ হাজাৰ মুছলমান মহিলাৰ মাজত জন্ম নিয়ন্ত্ৰণৰ ক্ষেত্ৰত এক সজাগতা সৃষ্টিৰ বাবে শীঘ্ৰে একাংশ বিশেষ আশা(Accredited Social Health Activists) কৰ্মীক নিযুক্তি দিব ৰাজ্য চৰকাৰে । জন্ম নিয়ন্ত্ৰণ ব্যৱস্থাৰ বিষয়ে সঠিক তথ্য প্ৰচাৰ কৰাৰ লগতে চৰ অঞ্চলৰ মহিলাসকলৰ মাজত গৰ্ভনিৰোধক সামগ্ৰী বিতৰণ কৰিব আশাকৰ্মীসকলে । ইয়াৰোপৰি চৰ অঞ্চলত বসবাস কৰা এহেজাৰ যুৱকক জনসংখ্যা নিয়ন্ত্ৰণৰ সজাগতা সৃষ্টিৰ বাবে প্ৰশিক্ষণ দিয়া হ'ব ।
ড৹ শৰ্মাই সদনক জনাই যে, ৰাজ্যৰ চৰ-চাপৰিবাসী মুছলমান সমাজত ভালেসংখ্যক সন্তান জন্ম দিয়াৰ উদাহৰণ বিদ্যমান । ইয়াৰ বাবে কোনো পাৰিসাংখ্যিক সমীক্ষাৰ দৰকাৰ নাই । সদনত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, 'জনসংখ্যা বৃদ্ধিৰ কথা ক'বলৈ এতিয়া আৰু কোনো সমীক্ষাৰ দৰকাৰ নাই । বৰপেটা মেডিকেল কলেজ হাস্পতালত গৈ অলপ ৰৈ থাকিলেই এই কথা গম পোৱা যায়' ।
শ্বেৰমান আলীয়ে চৰকাৰৰ জনসংখ্যা নীতিৰ বিষয় উত্থাপন কৰাৰ সময়ত চৰ অঞ্চলত শিক্ষানুষ্ঠান স্থাপনৰ বাবে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছিল । লগতে ৰাজ্যখনৰ কেতবোৰ জিলাত কম বয়সতে ছোৱালীৰ বিবাহ সম্পন্ন কৰাৰ পৰম্পৰা সন্দৰ্ভতো চৰকাৰক দৃষ্টি নিক্ষেপ কৰিবলৈ দাবী জনাইছিল বিধায়কগৰাকীয়ে । এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, চৰকাৰে ছোৱালীবোৰৰ বিবাহযোগ্য বয়স বৰ্তমানৰ ১৮ বছৰৰ পৰা ২০ বছৰলৈ বৃদ্ধি কৰাৰ বিষয়েও চিন্তা-চৰ্চা কৰি আছে ।