অসম

assam

ETV Bharat / state

Atul Pachoni: ১৯ বছৰ বয়সত কিয় ঘৰৰ পৰা নিৰুদ্দেশ হৈছিল অভিনেতা অতুল পাচনি ?

কিয় ঘৰৰ পৰা নিৰুদ্দেশ হৈ গৈছিল অভিনেতা অতুল পাচনি ? বিবাহৰ পিচত কিয় পৰিয়ালৰ পৰা পৃথক হৈ পত্নীগৃহত থাকিবলগীয়া হৈছিল অভিনেতাগৰাকী ? ভ্ৰাম্যমাণ ক্ষেত্ৰৰ লগত কেনেকৈ জড়িত হৈছিল ? অভিনয় ক্ষেত্ৰখনৰ দীঘলীয়া যাত্ৰাৰ সম্পৰ্কে জনালে অভিনেতা অতুল পাচনিয়ে ।

Special interview with Assamese actor Atul Pachoni, Know about his life, career, education everything
অতুল পাচনিৰ A to Z

By ETV Bharat Assamese Team

Published : Nov 3, 2023, 5:38 PM IST

ইটিভি ভাৰতৰ সৈতে অতুল পাচনিৰ বিশেষ সাক্ষাৎকাৰ

গুৱাহাটী, 3 নৱেম্বৰ: জনপ্ৰিয় কৌতুক অভিনেতা অতুল পাচনিক হয়তো চিনি নোপোৱা মানুহ খুৱ কমেই ওলাব । নিজৰ অভিনয় শৈলীৰে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হোৱা অভিনেতাগৰাকীৰ জন্ম হৈছিল নদীদ্বীপ মাজুলীত। সত্ৰনগৰী মাজুলীত জন্ম হোৱা হেতুকে শৈশৱৰ পৰা ভাওনা, ৰাস আদিত অভিনয় কৰিছিল অভিনেতাগৰাকী ।

বান আৰু খহনীয়াৰ বাবে তেওঁ ৪ বছৰ বয়সত পৰিয়ালসহ উঠি আহিছিল যোৰহাটলৈ । যোৰহাটতেই আৰম্ভ হৈছিল অভিনেতা গৰাকীৰ শিক্ষা জীৱন । প্ৰায় ১৪ বছৰকাল ভ্ৰাম্যমাণ ক্ষেত্ৰৰ লগত জড়িত হৈ আছিল অভিনেতা গৰাকী । ভ্ৰাম্যমাণ নাট্যগোষ্ঠীৰ "অপ্সৰা"ৰ জৰিয়তে তেওঁ প্ৰথমবাৰ ভ্ৰাম্যমাণ জগতত খোজ পেলাইছিল ।

ঘৰৰ পৰা কিয় নিৰুদ্দেশ হৈছিল অতুল পাচনি ?

উল্লেখ্য যে, ১৯ বছৰ বয়সত ঘৰৰ পৰা মনে মনে পলায় গৈছিল পাচনি ৷ তেতিয়া তেওঁক বিচাৰি চৌদিশে হাহাকাৰ লাগিছিল ৷ এতিয়া প্ৰশ্ন হয় ক’ত গৈছিল অভিনেতাগৰাকী ৷ দৰাচলতে ঘৰৰ পৰা মনে মনে পলাই গৈ তেওঁ জড়িত হৈ পৰিছিল ভ্ৰাম্যমাণ জগতৰ সৈতে । তাৰ পিচত ক্ৰমান্বয়ে শংকৰদেৱৰ থিয়েটাৰ, হেঙুল থিয়েটাৰ, বীণাপানি থিয়েটাৰ, ইন্দ্ৰধনু থিয়েটাৰ, অনুৰাধা থিয়েটাৰ আদিকে ধৰি বহুকেইটা ভ্ৰাম্যমাণগোষ্ঠীৰ লগত জড়িত হৈ আছিল পাচনি ।

"অপ্সৰা" থিয়েটাৰত থাকোতেই প্ৰেমত পৰিছিল এগৰাকী সহ-অভিনেত্ৰীৰ । সেই অভিনেত্ৰীগৰাকীৰ নাম হৈছে অনিমা পাচনি । পিচত সেই অভিনেত্ৰীগৰাকীৰ সৈতেই তেওঁ বিবাহপাশত আবদ্ধ হয় । অভিনেতা অতুল পাচনিয়ে অভিনয় কৰা প্ৰথমখন ছবি হৈছে " চিঞৰ" । য’ত তেওঁ সহ-অভিনেতাৰ ভূমিকাত অভিনয় কৰিছিল । তাৰ পিচত তেওঁ অসমীয়া ছবি "হলধৰ"ত মুখ্য চৰিত্ৰত অভিনয় কৰাৰ সুযোগ লাভ কৰিছিল ।

উল্লেখযোগ্য যে "হলধৰ" ছবিখনে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত সন্মানো লাভ কৰিবলৈ সক্ষম হৈছিল । বৰ্তমান সময়লৈ প্ৰায় ৬০ খন অসমীয়া ছবিত অভিনয় কৰিবলৈ সক্ষম হৈছে অভিনেতাগৰাকীয়ে ।

লগতে পঢ়ক:Atul Pachoni on Raghav: বিতৰ্কিত ছবি ৰাঘৱক লৈ কি ক’লে অভিনেতা অতুল পাচনিয়ে

ABOUT THE AUTHOR

...view details