অসম

assam

ETV Bharat / state

Special Interview : এশবছৰ পুৰণি ঘড়ী থকা এটা সংগ্ৰহালয়ৰ গৰাকীৰ সৈতে এখন্তেক

ব্যক্তিগত এটা বিশেষ সংগ্ৰহালয় । সংগ্ৰহালয়টোত আছে বহুকেইবিধ আপুৰুগীয়া সম্পদ । এগৰাকী ব্যক্তিৰ নিজাববীয়া প্ৰচেষ্টাত নিজ বাসগৃহতেই সাজি উলিওৱা হৈছে এই বিশেষ সংগ্ৰহালয়টো ৷ পিছে ক’ত আছে এই বিশেষ সংগ্ৰহালয়টো ৷ সবিশেষ এই প্ৰতিবেদনত...

Etv Bharat
Etv Bharat

By ETV Bharat Assamese Team

Published : Aug 29, 2023, 3:24 PM IST

বহু আপুৰুগীয়া সম্পদেৰে ভৰপূৰ এটা বিশেষ সংগ্ৰহালয়

গুৱাহাটী, 29 আগষ্ট :এগৰাকী বিশেষ ব্যক্তি । ব্যক্তিগৰাকীৰ ঘৰত আছে এটা বিশেষ সংগ্ৰহালয় । সংগ্ৰহালয়টোত আছে এশ বছৰ পুৰণি এটা ঘড়ী, 65 বছৰ পুৰণি গাড়ী, গ্ৰাম’ফোন, অডি’অ কেটছ, টেপ ৰেকৰ্ডাৰ, চাবি দিয়া ঘড়ী ৷ মুঠৰ ওপৰত বিলুপ্ত হোৱা বহু আপুৰুগীয়া সম্পদেৰে ভৰপূৰ এই বিশেষ সংগ্ৰহালয়টো । আমি উল্লেখ কৰা এই বিশেষ সংগ্ৰহালয়টোৰ গৰাকীৰ নাম হৈছে প্ৰসেনজিৎ নাৰায়ণ দেৱ ।

পেচাগতভাৱে প্ৰসেনজিৎ নাৰায়ণ হৈছে এগৰাকী বাদ্যযন্ত্ৰী । বাদ্য বজাই ভালপোৱা প্ৰসেনজিৎ নাৰায়ণৰ ওচৰত এটা সময়ত এযোৰ সাধাৰণ তবলাও নাছিল । কিন্তু এতিয়া প্ৰসেনজিৎ নাৰায়ণৰ বাসগৃহ ভৰি আছে বহু আপুৰুগীয়া বাদ্যযন্ত্ৰৰে । বছৰ বছৰ ধৰি তেওঁ মহানগৰীৰ ৰাজগড়স্থিত বাসগৃহত সংগ্ৰহ কৰি আহিছে বহু কেইপদ আপুৰুগীয়া সামগ্ৰী । অসমৰ বিভিন্ন জিলাসমূহৰ লগতে বহিঃৰাজ্যৰ পৰাও সংগ্ৰহ কৰা হৈছে সংগ্ৰহালয়টোৰ সামগ্ৰীসমূহ ।

ইটিভি ভাৰতৰ সৈতে হোৱা এক বাৰ্তালাপত সংগ্ৰহালয়টোৰ সন্দৰ্ভত মন্তব্য কৰি প্ৰসেনজিৎ নাৰায়ণ দেৱে কয়, ‘‘এটা সময়ত মোৰ ঘৰত এযোৰ তবলাও নাছিল । কিন্তু এতিয়া হাৰম’নিয়াম, তবলা, বিভিন্ন ধৰণৰ বাঁহী, মেণ্ড’লিন, গীটাৰ আদিকে কৰি বিভিন্ন ধৰণৰ বাদ্যযন্ত্ৰ আছে । 1999 চনৰ পৰাই এইসমূহ সামগ্ৰী মই সংগ্ৰহ কৰি আহিছো’’ ।

উল্লেখ্য যে, সৰুৰে পৰা সংগীতৰ ক্ষেত্ৰৰ লগত জড়িত প্ৰসেনজিৎ নাৰায়ণ দেৱ । তিনিবছৰৰ পৰা তবলা বজাই আহিছে প্ৰসেনজিৎ নাৰায়ণ দেৱে । আনহাতে, 1957 চনৰ গ্ৰাম’ফোনৰ ৰেকৰ্ডসমূহো তেওঁ সংগ্ৰহ কৰি ৰাখিছে । ইয়াৰোপৰি তেওঁ বাসগৃহত বহু কেইখন পুৰণি গাড়ী আৰু স্কুটাৰ সংগ্ৰহ কৰি ৰাখিছে ।

লগতে পঢ়ক :Special Interview with Yogendra Nath Dutta : ব্যতিক্ৰমী, আদৰ্শবান শিক্ষাগুৰু যোগেন্দ্ৰ নাথ দত্তৰ সপোনৰ কথাৰে...

ABOUT THE AUTHOR

...view details