গুৱাহাটী,২ ডিচেম্বৰ:ৰাজ্যখনত ক্ৰমাৎ ভয়াৱহ হাৰত বৃদ্ধি পাইছে আত্মহত্যাৰ ঘটনা । আত্মহত্যাৰ ঘটনা এতিয়া এক সামাজিক ব্যাধিত পৰিণত হৈছে । কেৱল অসমতেই নহয় সমগ্ৰ দেশতে অতি চিন্তনীয় ৰূপত বৃদ্ধি পাইছে আত্মহননৰ ঘটনা । শেহতীয়া তথ্য মতে দেশত দৈনিক গড়ে ৪৫০ জন লোকে আত্মহত্যা কৰে । আনহাতে অসমত দৈনিক গড়ে ৯ জন লোকে আত্মহত্যা কৰে ।
বিশেষকৈ ক'ভিডৰ সময়ৰ পৰাই উদ্বেগজনকভাৱে বৃদ্ধি পাইছে আত্মহত্যাৰ ঘটনা । শুনি আচৰিত যেন লাগিলেও এইটো সঁচা যে অসমত প্রতিদিনে গড়ে ৯জনকৈ লোকে আত্মহত্যাৰ পথ বাছি লৈছে । নেচনেল ক্রাইম ৰেকৰ্ড ব্যুৰ’ৰ প্ৰতিবেদন অনুসৰি অসমত বিগত ২০২১ বৰ্ষত ৩,২৬২ জন লোকে আত্মহত্যাৰ পথ বাছি লয় । আত্মহত্যা কৰা লোকৰ ২৩৫১ জন পুৰুষ আৰু ৯১১ গৰাকী মহিলা ।
মনোৰোগ বিশেষজ্ঞ ড৹ মৈথিলী হাজৰিকা উদ্বেগজনকভাৱে অসমত আত্মহত্যা কৰাসকলৰ ভিতৰত ৬৫৯ জনেই হৈছে শ্রমজীৱী লোক । প্রতিখন জিলাৰে কিছু কিছু স্থান এতিয়া যেন আত্মহত্যাৰ হটস্পটত পৰিণত হৈছে । আৰক্ষীয়ে এনে স্থানসমূহ চিনাক্ত কৰি নিৰীক্ষণৰো ব্যৱস্থা কৰিছে । ইফালে গুৱাহাটী মহানগৰীত শৰাইঘাট দলং আত্মহত্যাৰ হটস্পৰ্টত পৰিণত হৈছে । যাৰবাবে গুৱাহাটী আৰক্ষীয়ে শৰাইঘাট দলংখনক বিশেষ নজৰত ৰাখিছে ।
চলিত বৰ্ষত বৰ্তমানলৈ শৰাইঘাট দলঙৰ পৰা ১২ জন লোকে আত্মহত্যাৰ চেষ্টা চলাইছিল । ইয়াৰে ৮ জনৰে আৰক্ষী তথা স্থানীয় লোকে প্ৰাণৰক্ষা কৰিবলৈ সক্ষম হৈছে । অৱশ্যে চাৰিজন লোকৰ মৃত্যু হৈছে যদিও দলঙৰ পৰা ব্ৰহ্মপুত্ৰত জাঁপ দিয়া দুজন লোকৰ আজিও মৃতদেহ উদ্ধাৰ নহ’ল । জালুকবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া প্রীতম দাসে জনোৱা মতে শৰাইঘাটৰ পৰা ব্ৰহ্মপুত্ৰত জাঁপ দিয়া অধিকাংশই দৰিদ্ৰতা আৰু কৰ্ম সংস্থাপনহীনতাৰ বাবেই আত্মহননৰ চেষ্টা চলাইছিল ।
ইয়াৰোপৰি ঘৰুৱা হিংসা আৰু প্রেমজনিত কাৰণতো অন্য জিলাৰ পৰা আহি শৰাইঘাটত আত্মহত্যাৰ চেষ্টা চলোৱা ঘটনাও সংঘটিত হৈছে । আনহাতে মানসিক সমস্যাত ভোগা দুজন লোকেও আত্মহত্যাৰ চেষ্টা চলাইছিল । উল্লেখ্য যে ৰাজধানী চহৰ গুৱাহাটী মহানগৰীতো বৰ্ধিত আত্মহত্যাৰ ঘটনাই সকলোকে উদ্বিগ্ন কৰি তুলিছে ।
মনোৰোগ বিশেষজ্ঞ ড৹ মৈথিলী হাজৰিকা মহানগৰ আৰক্ষীয়ে দিয়া তথ্য মতে গুৱাহাটীত ২০১৩ চনত ২২২টা, ২০১৪ চনত ২২০টা, ২০১৫ চনত ২৪১টা, ২০১৬ চনত ২২৭টা, ২০১৭ চনত ২৮৯টা, ২০১৮ চনত ২৮৭টা, ২০১৯ চনত ২৫৪টা, ২০২০ চনত ২৭৭টা, ২০২১ চনত ৪১৪টা আৰু চলিত বৰ্ষটোৰ ছয় মাহত ৫০০ৰো অধিক আত্মহননৰ ঘটনা সংঘটিত হৈছে । ভয়ংকৰ খবৰটো হৈছে যে আত্মহত্যাৰ পথ বাছি লোৱাসকলৰ অধিকাংশৰ বয়স ১৮ৰ পৰা ৩০ বছৰৰ ভিতৰত । একেদৰে পৰীক্ষাত ব্যৰ্থ হোৱা কিশোৰ-কিশোৰীৰ আত্মহত্যাৰ ঘটনাও কম নহয় ।
এইখিনিতে প্ৰশ্ন হয় যে কিয় বৃদ্ধি পাবলৈ ধৰিছে এনে ঘটনা । বহু আত্মহত্যাৰ কাৰণ প্ৰেমজনিত হোৱাৰ উপৰি আন বহুতে আকৌ কৰ্মসংস্থাপন নাপাই হতাশগ্ৰস্ত হৈ এনে পথ বাছি লয় । আনহাতে বিভিন্ন কাৰণত মানসিকভাৱে হতাশগ্ৰস্ত হৈয়ো বহুতে বাছি লৈছে এনে জঘন্য পথ । বৰ্তমান সময়ত মানুহৰ মাজত আত্মহত্যাৰ প্ৰৱণতা বৃদ্ধি পাইছে আৰু ই এক সামাজিক ব্যাধিত পৰিণত হৈছে ।
এই স্পৰ্শকাতৰ বিষয়টো সন্দৰ্ভত মানসিক ৰোগ বিশেষজ্ঞই কি কয় ! এই বিষয়ে জানিবৰ বাবে ইটিভি ভাৰতৰ তৰফৰ পৰা সাক্ষাৎকাৰ লোৱা হৈছিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ক্লিনিকেল চাইকল'জিৰ সহযোগী অধ্যাপক তথা বিশিষ্ট মনোৰোগ বিশেষজ্ঞ ড৹ মৈথিলী হাজৰিকাৰ(Associate Professor of Clinical Psychology GMCH) । সাক্ষাৎকাৰত তেওঁ বহুকেইটা দিশত আলোকপাত কৰে । তেওঁ কয় যে আত্মহত্যাৰ আঁৰত বহুকেইটা কাৰণ জড়িত হৈ থাকে । মানসিক ৰোগৰ বাবেও বহুতে আত্মহননৰ পথ বাচি লয়(Suicides and attempted suicides) ।
হতাশা-নিৰাশা আদিৰ উপৰি নিচাজাতীয় দ্ৰব্য সেৱনৰ যোগেদিও বহু লোকৰ মাজত আত্মহত্যাৰ প্ৰৱণতা গঢ় লৈ উঠা দেখা যায় । সংস্থাপনহীনতা, দৰিদ্ৰতা, বিভিন্ন ধৰণৰ নিৰ্যাতন, আবেগৰ ওপৰত নিয়ন্ত্ৰণ নথকা, খং-ৰাগ নিয়ন্ত্ৰণ কৰিব নোৱাৰা, পাৰিবাৰিক সমস্যা তথা সমস্যা সমাধান কৰাৰ ক্ষমতা নথকা আদি বিভিন্ন কাৰণত বহু লোকে আত্মহত্যা কৰে । আনহাতে ৰেগিং তথা ঠাট্টা-মস্কৰা সহ্য কৰিব নোৱাৰিও বহুতে আত্মহত্যাৰ পথ বাচি লয় । এইক্ষেত্রত তেওঁ লাইফ স্কীলৰ প্ৰসংগ উল্লেখ কৰে ।
ড৹ মৈথিলী হাজৰিকাই(Psychiatrist Dr Mythili Hazarika ) লগতে কয় যে, যিকোনো পৰিস্থিতিৰে মোকাবিলা কৰিব পৰাকৈ মানুহৰ মাজত 'লাইফ স্কীল' প্ৰয়োজন আছে । শিক্ষানুষ্ঠানৰ পাঠক্ৰমৰ যোগেদিয়েই শিক্ষাৰ্থীসকলক ইয়াৰ বাবে প্ৰস্তুত কৰি তোলিব লাগিব । তেওঁ কয় যে নতুন শিক্ষা নীতিত 'লাইফ স্কীল'ৰ বিষয়টো আছে । বিভিন্ন কাৰণত আত্মহননৰ প্ৰৱণতা গঢ় লৈ উঠা মানুহৰ সময়মতে সু-চিকিৎসা হ'লে ভাল হোৱাটো সম্পূৰ্ণ নিশ্চিত ।
তেওঁ লগতে কয় যে বিজ্ঞান-প্ৰযুক্তিৰ দ্ৰুত উন্নয়ণৰ আজিৰ যুগত মোবাইল আৰু ইন্টাৰনেটে মানুহৰ মানসিক স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পেলোৱা পৰিলক্ষিত হৈছে । বহুক্ষেত্রত বহু লোকে ইণ্টাৰনেটৰ পৰাই আত্মহত্যাৰ কৌশল আয়ত্ত কৰি নিজৰ জীৱনত প্ৰয়োগ কৰে । আনহাতে পৰিয়ালবোৰ সৰু হৈ অহাৰ লগে লগে মানুহ নিসংগ হৈ পৰিছে । যাৰফলত বহু সময়ত মানুহ হতাশ-নিৰাশ হৈ পৰে আৰু মানসিক ৰোগৰ স্বীকাৰ হয় । তেওঁ লগতে কয় যে চিকিৎসাৰ দ্বাৰা মানসিক ৰোগৰ পৰা সম্পূৰ্ণ ৰূপে মুক্তি লাভ কৰিব পাৰি ।
লগতে পঢ়ক:Mysterious death Guwahati : ৰহস্যজনকভাৱে বন্ধ কোঠাত উদ্ধাৰ মাতৃ-কন্যাৰ মৃতদেহ