গুৱাহাটী, ২৩ ছেপ্টেম্বৰ :স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে শুকুৰবাৰে ৰাজ্যজুৰি আয়োজন কৰে বিশেষ স্বাস্থ্য পৰীক্ষা শিবিৰ । এনএইচএম, অসমৰ উদ্যোগত আয়োজিত ‘‘স্বাস্থ্য সেৱা অভিযান - স্বাস্থ্য পৰীক্ষা শিবিৰ’’ শীৰ্ষক এই এদিনীয়া বিশেষ স্বাস্থ্য কাৰ্যসূচী শুকুৰবাৰে গুৱাহাটীত আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী কেশৱ মহন্তই (Health check up camps held in Guwahati) ।
দিছপুৰস্থিত ৰাজধানী ৰাজ্যিক চিকিৎসালয়ত আয়োজিত ৰাজ্যিক স্তৰীয় উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ৷ ৰাজ্যজুৰি এই বিশেষ অভিযান মুকলি কৰি তেওঁ কয় যে, অসমত মাতৃ আৰু শিশু স্বাস্থ্য সেৱাৰ মান উন্নীতকৰণত ৰাজ্য চৰকাৰে বিশেষ অগ্ৰাধিকাৰ প্ৰদান কৰিছে ।
নৱজাতক শিশু আৰু প্ৰসূতি-মাতৃৰ সুস্বাস্থ্যৰ ওপৰত ৰাজ্যখনৰ সামগ্ৰিক উন্নয়ন বহুখিনি নিৰ্ভৰ কৰে ৷ লগতে মন্ত্ৰীগৰাকীয়ে কয় যে, ৰাজ্যত প্ৰসূতি মৃত্যুৰ হাৰ (MMR) আৰু নৱজাতক শিশুৰ মৃত্যুৰ হাৰ (IMR) হ্ৰাস কৰাৰ দিশত স্বাস্থ্য বিভাগে অধিক ফলপ্ৰসূ কাৰ্যব্যৱস্থা গ্ৰহণ কৰিছে ।