অসম

assam

By

Published : May 19, 2022, 8:39 PM IST

ETV Bharat / state

গুৱাহাটীৰ পৰা শিলচৰলৈ বিশেষ ফ্লাইবিগ বিমানৰ ব্যৱস্থা

গুৱাহাটীৰ তথা শিলচৰবাসীৰ বাবে এক বিশেষ সকাহ ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত পৰ্যটন বিভাগে বৃহস্পতিবাৰৰ পৰা এক পদক্ষেপ গ্ৰহণ কৰিছে । ফ্লাইবিগ বিমানেৰে গুৱাহাটীৰ পৰা শিলচৰলৈ যাবলৈ দৈনিক 3,000 টকাকৈ মুঠ 70 গৰাকী যাত্ৰীক ব্যৱস্থা কৰিছে চৰকাৰে (Special flight from Guwahati to Silchar)।

Special flight Guwahati to Silchar
গুৱাহাটীৰ পৰা শিলচৰলৈ বিশেষ ফ্লাইবিগ বিমানৰ ব্যৱস্থা

গুৱাহাটী, 19 মে’ : ৰাজ্যত ভয়াবহ বান পৰিস্থিতিৰ বাবে বৰ্তমানো কেবাখনো জিলাৰ মাজত যাতায়ত ব্যৱস্থা ব্যাহত হৈ আছে । বিশেষকৈ কাছাৰ আৰু ডিমা হাছাও জিলাত ধাৰাসাৰ বৰষুণৰ ফলত ভয়াবহ বান আৰু ভূমিস্খলনৰ (Landslide in Dima Hassao) ফলত স্থলপথেৰে যাতায়ত ব্যৱস্থা সম্পূৰ্ণ ৰূপে বিছিন্ন হৈ পৰিছে ।

তাৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি একাংশ বিমান পৰিবহন সংস্থাই অভাৱনীয় হাৰত বৃদ্ধি কৰা হৈছে ৷ আনকি গুৱাহাটীৰ পৰা শিলচৰলৈ যোৱা বিমান সেৱাৰ টিকটৰ মূল্য প্ৰায় 30,000 হাজাৰৰ অধিক মূল্যত বিক্ৰী কৰিছে একাংশ বিমান পৰিবহন সন্থাই (Flight fare for Guwahati to Silchar increased)।

গুৱাহাটীৰ পৰা শিলচৰলৈ বিশেষ ফ্লাইবিগ বিমানৰ ব্যৱস্থা

ফলত সাধাৰণ যাত্ৰীৰ বাবে বিমানেৰে শিলচৰলৈ যাত্ৰা কৰাতো যথেষ্ট ব্যয় বহুল হৈ পৰিছে । সেই উদ্দেশ্যে অসহায় সাধাৰণ জনতাৰ বাবে গুৱাহাটীৰ পৰা শিলচৰলৈ আকাশী পথৰ যাতায়ত সুচল কৰাৰ বাবে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত পৰ্যটন বিভাগে বৃহস্পতিবাৰৰ পৰা এক পদক্ষেপ গ্ৰহণ কৰিছে (Special flight Guwahati to Silchar) ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত পৰ্যটন বিভাগে বৃহস্পতিবাৰৰ পৰা দৈনিক 3,000 টকাকৈ মুঠ 70 গৰাকী যাত্ৰীক ফ্লাইবিগ বিমানেৰে গুৱাহাটীৰ পৰা শিলচৰলৈ যাব পৰা ব্যৱস্থা কৰিছে । এজন যাত্ৰীৰ বাবদ 3,000 টকাকৈ বিমানৰ ভাড়া নিৰ্ধাৰণ কৰা হৈছে । বৃহস্পতিবাৰৰ পৰা 10 দিনৰ বাবে এই ব্যৱস্থা মুকলি থাকিব বুলি জানিব দিয়ে অসম পৰ্যটন উন্নয়ন নিগমৰ পৰিচালন সঞ্চালকগৰাকীয়ে ।

অসম পৰ্যটন বিভাগৰ পৰিচালন সঞ্চালকগৰাকীয়ে জনোৱা মতে, অসম পৰ্যটন বিভাগে গুৱাহাটীৰ পৰা শিলচৰলৈ আৰু শিলচৰৰ পৰা গুৱাহাটীলৈ যাতায়ত কৰিব বিচৰা বিমান যাত্ৰীসকলৰ বাবে নেপালী মন্দিৰত থকা অসম পৰ্যটন উন্নয়ন নিগমৰ কাৰ্যালয়ত আৰু বৰঝাৰ বিমানবন্দৰত দুটা টিকট কাউন্টাৰ মুকলি কৰিছে ।

লগতে অনলাইন ব্যৱস্থাৰে টিকট ক্ৰয় কৰাৰ ব্যৱস্থা কৰিছে বুলি অসম পৰ্যটন বিভাগৰ পৰিচালন সঞ্চালকে জানিবলৈ দিয়ে । ইপিনে বৰাকভেলিৰ আবদ্ধ হৈ থকা যাত্ৰী সকলে ৰাজ্য চৰকাৰৰ এই পদক্ষেপক আদৰণি জনাই বিমান যাত্ৰীসকলে মুখ্যমন্ত্ৰীক ধন্যবাদো জ্ঞাপন কৰিছে ।

লগতে পঢ়ক :হঠাৎ বৃদ্ধি গুৱাহাটী-শিলচৰৰ বিমান ভাড়া: পৰিস্থিতিৰ সুযোগ লৈছে বিমান কোম্পানীয়ে

ABOUT THE AUTHOR

...view details