অসম

assam

ETV Bharat / state

উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ বাবে অনুষ্ঠিত হ’ব বিশেষ পৰীক্ষা

উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফলক লৈ অসন্তুষ্ট শিক্ষাৰ্থীসকল অৱতীৰ্ণ হ’ব পাৰিব বিশেষ পৰীক্ষাত । অসন্তুষ্ট শিক্ষাৰ্থীসকলে ৯ আগষ্টৰ পৰা ১৬ আগষ্টৰ ভিতৰত অনলাইন প্ৰ-পত্ৰ পূৰণ কৰিব পাৰিব । শিক্ষাৰ্থীসকলে নিজৰ শিক্ষানুষ্ঠানৰ পৰা লাভ কৰিব বিতং তথ্য।

অসন্তুষ্ট পৰীক্ষাৰ্থীৰ বাবে বিশেষ পৰীক্ষা পাতিব অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে
অসন্তুষ্ট পৰীক্ষাৰ্থীৰ বাবে বিশেষ পৰীক্ষা পাতিব অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে

By

Published : Aug 4, 2021, 8:59 PM IST

গুৱাহাটী, ৪ আগষ্ট :ক'ভিড পৰিস্থিতিৰ (covid-19 situations) বাবে পৰীক্ষা অনুষ্ঠিত নকৰাকৈ বিকল্প মূল্যায়ন ব্যৱস্থাৰে 31 জুলাইত উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ (HS FINAL EXAMANATIONS) ফলাফল ঘোষণা কৰা হ’ল ৷ তাৰ পাছতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত শিক্ষাৰ্থীসকলৰ মাজত ব্যাপক অসন্তুষ্টিয়ে দেখা দিছে । ঠায়ে ঠায়ে শিক্ষাৰ্থীসকলে প্ৰতিবাদ কৰা পৰিলক্ষিত হৈছে ।

এনে এক পৰিস্থিতিৰ মাজতে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে গ্ৰহণ (assam higher secondary education council) কৰিছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত । ফলাফলক লৈ অসন্তুষ্ট শিক্ষাৰ্থীসকল অৱতীৰ্ণ হ’ব পাৰিব বিশেষ পৰীক্ষাত । অসন্তুষ্ট শিক্ষাৰ্থীসকলে ৯ আগষ্টৰ পৰা ১৬ আগষ্টৰ ভিতৰত অনলাইন প্ৰ-পত্ৰ পূৰণ কৰিব পাৰিব ।

শিক্ষাৰ্থীসকলে নিজৰ শিক্ষানুষ্ঠানৰ পৰা লাভ কৰিব বিতং তথ্য । পৰীক্ষাত অৱতীৰ্ণ হোৱা শিক্ষাৰ্থীসকলে লাভ কৰিব পৰীক্ষাৰ নতুন মূল্যায়নৰ আধাৰত মাৰ্কশ্বিট (marksheet) । অৱশ্য শিক্ষাৰ্থীসকলে জমা দিব লাগিব বৰ্তমান প্ৰদান কৰা মাৰ্কশ্বিট । বৰ্তমানৰ নিয়মীয়া শিক্ষাৰ্থীৰ উপৰি বেটাৰমেণ্ট আৰু প্ৰাইভেট পৰীক্ষাৰ্থীৰ বাবেও এই সুবিধা দিয়া হৈছে ।

ইফালে অনুত্তীৰ্ণ শিক্ষাৰ্থী সকলৰ সন্দৰ্ভত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে (dr. ranoj pegu) বুধবাৰে সংবাদ মাধ্যমৰ আগত কয় যে, অতি শীঘ্ৰেই অনুত্তীৰ্ণ ছাত্ৰ-ছাত্ৰী সকলৰ বাবে এটা বিশেষ পৰীক্ষা অনুষ্ঠিত কৰা হ’ব । তেওঁ কয় যে, পৰীক্ষা অনুষ্ঠিত হোৱা নাই গতিকে পুনৰ পৰীক্ষা পতা নহয় । কিন্তু এক বিশেষ পৰীক্ষা অনুষ্ঠিত হ’ব ।

নামভৰ্তি সন্দৰ্ভত শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে কয়, অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ এটা পোৰ্টেলৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীয়ে কৰিব পাৰিব নামভৰ্তি । চৰকাৰীৰ পৰা আৰম্ভ কৰি ব্যক্তিগত খণ্ডৰ সকলোৰে বাবে এই নিয়ম প্ৰযোজ্য হ'ব । কেৱল এই পোৰ্টেলৰ জৰিয়তে হ’ব নামভৰ্তি ।

নামভৰ্তিৰ নতুন সিদ্ধান্ত অনুসৰি ছাত্ৰ-ছাত্ৰী সকলে নিজৰ ৰোল নাম্বাৰৰ দ্বাৰা পোৰ্টেলত পঞ্জীয়ন কৰিব পাৰিব । ছাত্ৰী-ছাত্ৰী সকলে কোন মহাবিদ্যালয়ত নামভৰ্তি কৰিব বিচাৰে তাৰ ৫ টা বিকল্প দিব পাৰিব । ইয়াৰ পিছতেই বিদ্যালয় বা মহাবিদ্যালয় সমূহে সেই পোৰ্টেলৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীক বিবেচনা কৰি নামভৰ্তিৰ সুবিধা দিব পাৰিব ।

কোনোৱে যাতে আসন ৰিজাৰ্ভ কৰিব নোৱাৰে তাৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে বুলি কয় শিক্ষামন্ত্ৰী গৰাকীয়ে । তেওঁ কয় যে, কিছুমান ছাত্ৰ-ছাত্ৰীৰ নাম ২ বা ৩ খন কলেজত থাকে । তদুপৰি স্নাতক বিভাগৰ বাবে ২০ শতাংশ আসন বৃদ্ধি হ’ব পাৰে বুলি কয় মন্ত্ৰী গৰাকীয়ে ।

লগতে পঢ়ক :লাভলীনাৰ সৰ্ন্দভত কি ক'লে প্ৰশিক্ষক পদুম বড়োৱে ?

ABOUT THE AUTHOR

...view details