গুৱাহাটী, ১১ জানুৱাৰী :সমগ্ৰ দেশৰ লগতে অসমতো ক'ভিডৰ সংক্ৰমণ দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে । বিশেষকৈ গুৱাহাটী মহানগৰীত ভয়াৱহ ৰূপ ধাৰণ কৰিছে ক’ভিডৰ সংক্ৰমণে ৷ দৈনিক বৃদ্ধি পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা (Covid cases increase in Guwahati) ৷ ফলত ক'ভিড হটস্পটলৈ পৰিণত হৈছে গুৱাহাটী মহানগৰী (Guwahati becomes covid hotspot) ৷
যাৰ পৰিপ্ৰেক্ষিতত যোৱা শনিবাৰৰ পৰা ৰাজ্যত বলৱৎ কৰা হৈছে ক'ভিড সম্পৰ্কীয় নতুন নীতি-নিৰ্দেশনা (New Covid SOP in Assam) । লক্ষণীয় বিষয় যে, গুৱাহাটী মহানগৰীত ক'ভিড সংক্ৰমণৰ অভিকেন্দ্ৰ হিচাপে চিনাক্ত হৈছে । এসপ্তাহৰ আগলৈ গুৱাহাটীত ক'ভিডত দৈনিক আক্ৰান্তৰ সংখ্যা ৫০ ৰ ঘৰলৈ নামিছিল ৷
কিন্তু এই মুহূর্তত দৈনিক আক্ৰান্তই ৫০০ ৰ সংখ্যা অতিক্ৰম কৰিছে । ইফালে দৈনিক আক্ৰান্তৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি পোৱাত উদ্বিগ্ন হৈ পৰিছে স্বাস্থ্য বিভাগ । স্বাস্থ্য বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি, বিগত ৪৮ ঘণ্টাত ৰাজ্যত নতুনকৈ ২,২৪২ গৰাকী লোক ক'ভিডত আক্ৰান্ত হৈছে ।
আক্ৰান্তসকলৰ ৯৬২ গৰাকী লোক গুৱাহাটী মহানগৰীৰ । আক্ৰান্তৰ হাৰ শনিবাৰৰ দিনটোত ৩.৭৩ শতাংশলৈ বৃদ্ধি পোৱাৰ বিপৰীতে দেওবাৰৰ দিনটোত আক্ৰান্তৰ হাৰ ৬.৪৮ শতাংশলৈ বৃদ্ধি পাইছে । দৈনিক প্ৰায় দুগুণ হাৰত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে ।