গুৱাহাটী, 17 জানুৱাৰী : বাণিজ্য শাখাত নামভৰ্ত্তিৰ পূৰ্বে এই শাখাৰ লগত সংযুক্ত কি কি বিষয় আছে বা সেই বিষয়সমূহ অধ্যয়ন কৰাৰ পাচত কেনেদৰে লাভান্বিত হ’ব পাৰি সেই কথা জানি লোৱাটো অতি আৱশ্যক । কৰ্মাচ বুলিলেই মনলৈ অহা ব্যৱসায় শব্দটোতে এই শাখাটো সোমাই থকা নাই ৷ বিজ্ঞান শাখাৰ দৰে বাণিজ্য শাখাতো কিছু বৃত্তিমুখী পাঠ্যক্ৰম আছে, যেনে চাৰ্টাৰ্ড একাউণ্টেণ্ট, কোম্পানী চেক্ৰেটাৰী, ক’ৰ্চ একাউন্টেঞ্চি ৷ বাণিজ্য শাখাত অধ্যয়ন কৰিব বিচৰাসকলে বাণিজ্য শাখাৰ লগত জড়িত ভিন্ন ধৰণৰ বৃত্তিমুখী পাঠ্যক্ৰম অধ্যয়ন কৰিব পাৰে ।
অৱশ্যে এই পাঠদান বাণিজ্য শাখাৰ নিয়মীয়া বিষয়ৰ লগত অন্তৰ্ভুক্ত নহয় । এইসমূহ পাঠ্যক্ৰম অধ্যয়নৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে প্ৰৱেশিকা পৰীক্ষা অৱতীৰ্ণ হ’ব লাগিব । এই বিষয়ৰ পৰীক্ষাসমূহ সাধাৰণতে তিনিটা পৰ্যায়ত অনুষ্ঠিত হয় । ফাউণ্ডেচন, ইণ্টাৰমিডিয়েট আৰু ফাইনেল ষ্টেজ । উচ্চতৰ মাধ্যমিকত কলা, বিজ্ঞান শাখাত অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীসকলেও ফাউণ্ডেচন ক’ৰ্চত অন্তৰ্ভুক্ত হ’ব পাৰে ।