অসম

assam

ETV Bharat / state

অখিল গগৈক বহিষ্কাৰৰ হুমকি অধ্যক্ষৰ - ম্যানমাৰৰ ছুপাৰী

অখিল গগৈৰ বিৰুদ্ধে বাৰে বাৰে সদনৰ নিয়ম উলংঘা কৰাৰ অভিযোগ । বিভিন্ন বিষয়ত সৰৱ হৈ পৰে অখিল গগৈ ।

speaker warned akhil gogoi
অখিল গগৈক বহিষ্কাৰৰ হুমকি অধ্যক্ষৰ

By

Published : Jul 15, 2021, 3:42 PM IST

গুৱাহাটী, ১৫ জুলাই : অসম বিধানসভাৰ বাজেট অধিৱেশনৰ (Budget session of Assembly) প্ৰত্যেকদিনা বিশেষভাৱে চৰ্চাত আছে অখিল গগৈৰ (Akhil Gogoi) নাম । বৃহস্পতিবাৰে অৰ্থাৎ চতুৰ্থ দিনাও চৰ্চাত থাকে শিৱসাগৰৰ বিধায়ক অখিল গগৈ । অৱশ্যে বিধায়ক অখিল গগৈৰ বিৰুদ্ধে কঠোৰ হৈ পৰে বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰী (Biswajit Daimary) ।

অখিল গগৈক বিধানসভাৰ পৰা বহিষ্কাৰৰ হুংকাৰ দিলে অধ্যক্ষ দৈমাৰীয়ে । উল্লেখ্য যে, অখিল গগৈয়ে বাৰে বাৰে সদনৰ নিয়ম উলংঘা কৰাৰ অভিযোগ উত্থাপন হোৱাৰ পাছতে অধ্যক্ষগৰাকী কঠোৰ হৈ পৰে । বিধানসভাৰ বাজেট অধিৱেশনৰ তৃতীয়টো দিনত সদনৰ নিয়ম ভংগ কৰি বিতৰ্কৰ সূচনা কৰা অখিল গগৈয়ে চতুৰ্থটো দিনতো সদনত নিজৰ মুখ বন্ধ কৰা নাই ।

বিধায়ক অখিল গগৈ

অখিল গগৈক উদ্দেশ্য কৰি অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে কয়- 'এনেকৈ সদন নচলে । যিকোনো সময়তে সদনত কিয় মাত মাতে । যিকোনো সময়তে মাত মাতিলে সদন চলোৱাৰ বাবে মই কঠোৰ পদক্ষেপ হিচাপে সদনৰ পৰা বহিষ্কাৰ কৰিবলৈ বাধ্য হ'ম ।'

উল্লেখ্য যে, ম্যানমাৰৰ চুপাৰিৰ (Burma Imported Supari) সন্দৰ্ভত সদনত মাত মাতিছিল শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে । বৰপেটাৰ বিধায়ক আব্দুৰ ৰহিম আহমেদে কোনো চুক্তি অবিহনে ম্যানমাৰৰ পৰা বৰপেটালৈ কিদৰে চুপাৰি আহে বুলি সদনত প্ৰশ্ন উত্থাপন কৰিছিল । বিদেশী ৰাষ্ট্ৰখনৰ পৰা চুক্তি অবিহনেই বৰপেটাৰ হাউলীলৈ চুপাৰি আহে বুলি সদনত মন্তব্য কৰিছিল বৰপেটাৰ বিধায়কজনে ।

আব্দুৰ ৰহিম আহমেদৰ (Abdur Rahim Ahmed) এই প্ৰশ্নৰ পাছতে অখিল গগৈয়ে মাত মাতিছিল সদনত । যাক লৈ অধ্যক্ষই বৃহস্পতিবাৰে পুনৰ অখিল গগৈক সকীয়নি দিবলৈ বাধ্য হয় । বুধবাৰে অধিৱেশনৰ পূৰ্বে সংবাদ মাধ্যমত বক্তব্য প্ৰদান কৰাৰ প্ৰসংগকলৈও শাসকীয় দলৰ বিধায়কে অখিল গগৈৰ বিৰুদ্ধে সৰৱ হৈ পৰিছিল ।

লগতে পঢ়ক:ৰাজ্যত অনিয়ন্ত্রিত হৈ আছে ক'ভিডৰ সংক্ৰমণ

ABOUT THE AUTHOR

...view details