অসম

assam

ETV Bharat / state

ভোট গণনাৰ বাবে নিৰ্দেশনা: 35 হাজাৰ লোকৰ ক'ভিড পৰীক্ষা বাধ্যতামূলক - বিধানসভা নিৰ্বাচন

2 মে’ত হ’বলগীয়া ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ভোট গণনাত জড়িত থাকিব প্ৰায় 35 হাজাৰ লোক । কিন্তু এই 35 হাজাৰ লোকে সম্পূৰ্ণ কৰিব লাগিব ক’ভিড পৰীক্ষা । ভোট গণনাত জড়িত হ’বলগীয়া লোকসকলৰ বাবে জাৰি কৰা হৈছে বিশেষ নীতি-নিৰ্দেশনা ।

sop-for-counting-personals
ভোটগণনাৰ বাবে নিৰ্দেশনা

By

Published : Apr 29, 2021, 1:52 PM IST

গুৱাহাটী,29 এপ্ৰিল: নিৰ্বাচনৰ ভোট গণনালৈ মাজত মাত্ৰ দুদিন বাকী ৷ 2 মে’ত নিৰ্ণয় হ’ব প্ৰায় এমাহজুৰি ইভিএমত ৰাজনৈতিক ভৱিষ্যত বন্দী হৈ থকা ৰাজ্যৰ 126 টা বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰায় 7 সহস্ৰাধিক প্ৰাৰ্থীৰ ভাগ্য এই ভোট গণনাৰ সৈতে জড়িত থাকিব প্ৰায় 35 হাজাৰ লোক ।

ভোট গণনাৰ বাবে নিৰ্দেশনা

এইসকল চৰকাৰী বিষয়া-কৰ্মচাৰী, শিক্ষক আদিক ইতিমধ্যে প্ৰশিক্ষণৰে প্ৰস্তুত কৰি তোলা হৈছে ।

ভোট গণনাৰ বাবে নিৰ্দেশনা

ইফালে, ভোট গণনাত জড়িত হ’বলগীয়া এই 35 হাজাৰ বিষয়া-কৰ্মচাৰীৰ বাবে ইতিমধ্যে দেশৰ নিৰ্বাচন আয়োগে জাৰি কৰিছে বিশেষ কেতবোৰ নিৰ্দেশনা ।

ভোট গণনাৰ বাবে নিৰ্দেশনা

সেই নিৰ্দেশনাৰ আধাৰতে ৰাজ্যৰ স্বাস্থ্য বিভাগে ভোট গণনাত জড়িত হ’বলগীয়া লোকসকলৰ বাবে জাৰি কৰিছে বিশেষ নীতি-নিৰ্দেশনা (এছঅ’পি) ।

ভোট গণনাৰ বাবে নিৰ্দেশনা

সেই অনুসৰি শুকুৰবাৰৰ ভিতৰত ভোট গণনা পৰ্বৰ সৈতে জড়িত হ’বলগীয়া এই 35 হাজাৰ লোকে সম্পূৰ্ণ কৰিব লাগিব ক’ভিড পৰীক্ষা ।

ভোট গণনাৰ বাবে নিৰ্দেশনা

ৰেপিড টেষ্টৰ ফলাফল যদি নিগেটিভ হয়, কিন্তু শৰীৰত যদি কোনো লক্ষণ থাকে তেন্তে তেনে বিষয়া কৰ্মচাৰীক আৰটিপিচিআৰ টেষ্ট কৰোৱা হ’ব ৷ এই টেষ্টৰ ফলাফল নহা পৰ্যন্ত তেওঁ ভোট গণনা কাৰ্যত জড়িত হ’ব নোৱাৰিব ।

ভোট গণনাৰ বাবে নিৰ্দেশনা

লগতে পঢ়ক :প্ৰৱল অনাবৃষ্টিৰ ফলত দিশহাৰা কৃষক ৰাইজ

ABOUT THE AUTHOR

...view details