গুৱাহাটী, 4 জুন : মুখ্যমন্ত্রী হিচাপে ড৹ হিমন্ত বিশ্ব শৰ্মাই দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাচতে প্ৰাক্তন মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালৰ নতুন ঠিকনাৰ প্ৰসংগটো চৰ্চালৈ আহিছিল । বিগত ৫ বছৰে গুৱাহাটীৰ ব্ৰহ্মপুত্রৰ ৰাজ্যিক অতিথিশালাত থাকি ৰাজ্য শাসনভাৰ চলোৱা প্ৰাক্তন মুখ্যমন্ত্রী সোণোৱালে শীঘ্ৰেই সলনি কৰিব নিজৰ ঠিকনা ।
বৰ্তমান সময়ত দিছপুৰৰ মিনিষ্টাৰ কলনিৰ এম-১৩ নম্বৰৰ কোৱাটাৰটো প্ৰাক্তন মুখ্যমন্ত্রীগৰাকীৰ বাবে সজাই পৰাই তোলা হৈছে । ইফালে ইয়াৰ সমান্তৰালকৈ গুৱাহাটীৰ আন এটা দুমহলীয়া ঘৰ নতুন ৰূপ দি সজাই পৰাই তোলা হৈছে। হয়, গুৱাহাটীত আছে প্ৰাক্তন মুখ্যমন্ত্রী সোণোৱালৰ নিজা ঘৰ ।