গুৱাহাটী,১৪ মে' : ক্ৰুজ হৈছে অৱসৰ বিনোদনৰ বাবে দ্ৰুতগতিত বিকশিত হোৱা খণ্ডসমূহৰ ভিতৰত অন্যতম । এই মন্তব্য কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ । আজি ভাৰত চৰকাৰৰ বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ অধীনত মুম্বাই বন্দৰ কর্তৃপক্ষই ফেডাৰেচন অৱ ইণ্ডিয়ান চেম্বাৰ্ছ অৱ কমার্চ এণ্ড ইণ্ডাষ্ট্ৰীৰ সহযোগত আয়োজন কৰা প্ৰথম ইনক্ৰেডিবল ইণ্ডিয়া ইন্টাৰনেশ্ব'নেল ক্ৰুজ কনফাৰেঞ্চ ২০২২ত অংশ গ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এইদৰে কয় ।
ভাষণত তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ ক্ৰুজ খণ্ডক যথেষ্ট অগ্ৰাধিকাৰ দিছে । ভাৰত ক্ৰুজ পৰ্যটনৰ ক্ষেত্ৰত বিশ্বৰ প্ৰাণকেন্দ্ৰ হ'বলৈ আগবাঢ়িছে । সেয়েহে এই খণ্ডৰ সৈতে জড়িত বিশ্বৰ বিভিন্ন প্ৰান্তৰ অগ্ৰণী অনুষ্ঠান, প্ৰতিষ্ঠান আৰু উদ্যোগীসকলৰ পূর্ণ অংশগ্ৰহণ তথা সহযোগিতাৰ জৰিয়তে আমি এই খণ্ডটোৰ সৰ্বাংগীণ বিকাশৰ বাবে কাম কৰিম আৰু ইয়াৰ বৰ্ধিত বজাৰত ভাৰতৰ এক শক্তিশালী স্থিতি নিশ্চিত কৰিবলৈ সক্ষম হম বুলি তেওঁ কয় ।
ক্ৰুজ পর্যটন খণ্ডৰ বিকাশৰ ক্ষেত্ৰত বিশেষকৈ ভাৰতীয় বন্দৰসমূহত যাৱতীয় আন্তঃগাঁথনি শক্তিশালীকৰণৰ ওপৰত অগ্ৰাধিকাৰ প্ৰদানেৰে ঘোষণা কৰি তেওঁ কয় যে ক্ৰুজ পর্যটনৰ সন্দৰ্ভত উচ্চস্তৰীয় সমিতিক সহায় কৰাৰ বাবে এক উচ্চ পর্যায়ৰ পৰামর্শদাতা সমিতি গঠন কৰা হ'ব । য'ত আন্তর্জাতিক ক্ৰুজ খণ্ডৰ (International cruise sector) সদস্যসকল অন্তর্ভুক্ত থাকিব ।
সোণোৱালে লগতে কয় যে এই খণ্ডত দক্ষতা বিকাশ কৰিবলৈ গোৱা, কেৰালা আৰু পশ্চিম বংগত তিনিখন ক্ৰুজ প্ৰশিক্ষণ একাডেমী স্থাপন কৰা হ'ব । তেওঁ লগতে কয় যে মেৰিটাইম ইণ্ডিয়া ভিজন ২০৩০ৰ লক্ষ্য হৈছে দুই লাখতকৈও অধিক নতুন চাকৰিৰ সৃষ্টি কৰা । সোণোৱালে আজিৰ অনুষ্ঠানত ভাৰ্চুৱেলী মুম্বাইৰ পীৰ পাউত তৃতীয় ৰাসায়নিক বাৰ্থৰ আধাৰশিলা স্থাপন কৰে । তদুপৰি সোণোৱালে আজি ভাৰ্চুৱেলী মহাৰাষ্ট্ৰত ডি জি এল এলৰ কেলচি লাইট হাউছ আৰু তামিলনাডুৰ ধনুষ্য কোডি লাইট হাউছৰো শুভ উদ্বোধন কৰে ।