সোণাপুৰত শিলকুৱৰীৰ বাবে সমস্যাত ছাত্ৰ-ছাত্ৰী
সোণাপুৰ আঞ্চলিক বন বিভাগৰ কাৰ্য্যালয়ৰ অন্তৰ্গত সোণাপুৰৰ চামতাস্থিত গোমৰীয়াপথাৰ মধ্য আৰু উচ্চ মাধ্যমিক বিদ্যালয়ৰ সমীপত থকা শিলকুৱৰীলৈ অহা-যোৱা কৰা যান বাহনৰ লগতে শিলকুৱৰীত ব্যৱহৃত বিভিন্ন যন্ত্ৰপাতিৰ শব্দৰ বাবে ছাত্ৰ-ছাত্ৰীক পাঠদান কৰিবলৈ বিভিন্ন ধৰণৰ সমস্যাৰ সম্মুখীন হৈছে শিক্ষক সকলে ৷
গুৱাহাটী, 25 মে': সোণাপুৰ চামতাস্থিত গোমৰীয়াপথাৰ মধ্য আৰু উচ্চ মাধ্যমিক বিদ্যালয়ৰ সমীপত থকা শিলকুৱৰীৰ বাবে সমস্যাৰ সম্মুখীন হৈছে ছাত্ৰ-ছাত্ৰী সকল ৷ সোণাপুৰ আঞ্চলিক বন বিভাগৰ কাৰ্য্যালয়ৰ অন্তৰ্গত সোণাপুৰৰ চামতাস্থিত গোমৰীয়াপথাৰ মধ্য আৰু উচ্চ মাধ্যমিক বিদ্যালয়ৰ সমীপত থকা শিলকুৱৰী লৈ অহা যোৱা কৰা যান বাহনৰ লগতে শিলকুৱৰীত ব্যৱহৃত বিভিন্ন যন্ত্ৰপাতিৰ শব্দৰ বাবে ছাত্ৰ-ছাত্ৰীক পাঠদান কৰিবলৈ বিভিন্ন ধৰণৰ সমস্যাৰ সম্মুখীন হৈছে শিক্ষক সকল । আনহাতে, শিলকুৱৰীটোৰ বাবে সমগ্ৰ অঞ্চলটোত ধূলিময় পৰিৱেশ হৈ পৰে, ফলত অঞ্চলটোত ভূমি প্ৰদূষণৰ লগতে বায়ু প্ৰদূষণৰ সমস্যা দেখা পোৱা গৈছে ।