গুৱাহাটী, 22 মাৰ্চঃমহানগৰীত পুৱাৰে পৰা শূন্য ৰাজপথ ৷ ঘৰৰ বাহিৰলৈ আজি ওলাই যোৱাৰ পৰা বিৰত থাকিল মহানগৰবাসী ৷ উদেশ্য মাথো এটাই, কৰ'ণা ভাইৰাছৰ দৰে ভয়াৱহ ৰোগ যাতে সিঁচৰিত নহয় ৷ জনতাৰ সান্ধ্য আইন জাৰিৰ দিনটোত সন্ধিয়া ঠিক 5 বজাৰ লগে লগে মহানগৰীৰ ঘৰে ঘৰে বাজি উঠিল হাত চাপৰি, শংখ ধ্বনিৰ লগতে উৰুলি ৷
জনতাৰ কাৰ্ফিউৰ সফল পৰিক্ৰমা ঢোলৰ ওজা সোমনাথ বৰাৰ - somnath borah and janata carfew
জনতাৰ সান্ধ্য আইন মানি ঘৰৰ বাহিৰলৈ আজি ওলাই যোৱাৰ পৰা বিৰত থাকিল মহানগৰবাসী ৷ সমান্তৰালকৈ ঢোলৰ সম্ৰাট সোমনাথ বৰাইয়ো নিজ পুত্ৰ কন্যাৰ সৈতে ঢোল, ভোৰতাল আৰু শংখ বজাই কৰিলে জনতাৰ কাৰ্ফিউৰ সফল পৰিক্ৰমা ৷

জনতাৰ কাৰ্ফিউৰ সফল পৰিক্ৰমা সোমনাথ বৰাৰ
জনতাৰ কাৰ্ফিউৰ সফল পৰিক্ৰমা ঢোলৰ ওজা সোমনাথ বৰাৰ
সমান্তৰালকৈ ঢোলৰ সম্ৰাট সোমনাথ বৰায়ো নিজ পুত্ৰ কন্যাৰ সৈতে ঢোল, ভোৰতাল আৰু শংখ বজাই কৰিলে জনতাৰ কাৰ্ফিউৰ সফল পৰিক্ৰমা ৷ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই আহ্বানক সমৰ্থন কৰে বুলি জনায় ঢোলৰ ওজা গৰাকীয়ে ৷ লগতে জনতাই আজি এই সান্ধ্য আইন মানি কৰ'ণা মহামাৰী সংক্ৰমণক যি শিকলি, সেই শিকলিডাল সকলোৰে মংগলৰ বাবে ভাঙি পেলোৱাৰ চেষ্টা কৰিলে বুলিও উল্লেখ কৰে সোমনাথ বৰাই ৷
লগতে পঢ়কঃজনতাৰ সান্ধ্য আইন সমৰ্থন শিলচৰৰ প্ৰাক্তন সাংসদ সুস্মিতা দেৱৰ