গুৱাহাটী, ২৭ ডিচেম্বৰ: প্ৰয়াত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ ওপজা দিন উপলক্ষে গুৱাহাটীৰ দীঘলীপুখুৰীৰ পাৰত আয়োজিত এক অনুষ্ঠানত ভাগ লৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বিজেপি নেতাক নিৰাপত্তাৰক্ষী ঘূৰাই দিবলৈ আহ্বান জনোৱাৰ পিছত এতিয়া বাৰুকৈয়ে অস্বস্তিত পৰিছে বিজেপিৰ বহু নেতা-পালিনেতা (Personal security of Assam BJP leaders may withdrawn) ।
কিয়নো, জীৱনৰ নিৰাপত্তাৰ প্ৰতি কোনো ভাবুকি নথকা স্বত্বেও একাংশ নেতা-পালিনেতাই একমাত্ৰ শাসক দলৰ লোক হোৱাৰ বাবেই ষ্টেটাছ চিম্বল হিচাপে দুজনৰ পৰা চাৰিজনকৈ দেহৰক্ষী অথবা পি এছ অ' লৈ ঘূৰা-পকা কৰি আহিছে । মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পিছত অস্বস্তিত পৰা তেনে নেতা-পালিনেতাৰ সংখ্যাই সৰহ (Himanta Biswa asks leaders to give up PSO) ।
কিন্তু কোনেও মুখ খুলি ইয়াৰ বিৰোধ কৰিব বিচৰা নাই । ৰাজ্যিক বিজেপিৰ এক সুত্ৰৰ পৰা প্ৰাপ্ত খবৰ অনুসৰি, সম্প্ৰতি ৰাজ্যৰ বাহিৰত থকা মুখ্যমন্ত্ৰী গুৱাহাটীলৈ ঘূৰি অহাৰ পিছতেই বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই একাংশ দলীয় নেতাৰ দেহৰক্ষী, পি এছ অ' প্ৰত্যাহাৰ কৰিবলৈ গৃহ বিভাগৰো দায়িত্বত থকা মুখ্যমন্ত্ৰীক আনুষ্ঠানিকভাৱে প্ৰস্তাৱ দিব । তাৰ পিছতেই গৃহ বিভাগে আৰম্ভ কৰিব সেইসকল নেতা-পালিনেতাৰ পি এছ অ' প্ৰত্যাহাৰৰ প্ৰক্ৰিয়া ।