চাওঁতে চাওঁতে বছৰটো বাগৰিবৰে হ’ল । বহুতৰ বাবে সফলতা-বিফলতা, সুখ-দুখৰ, হাঁহি-কান্দোনৰ দলিল হ’ল এই বছৰটো । এই বছৰটোত যিসকলে সফলতা লাভ কৰি নিজৰ লগতে আনৰ মুখত হাঁহি বিৰিঙাই আনন্দৰ নিজৰা বোৱালে সেইসকলৰ ভিতৰত অন্যতম হৈছে অসমীয়া কেইগৰাকীমান নাৰী (Year End Review 2022)।
সাহিত্য, সংস্কৃতি, ক্ৰীড়াৰ লগতে বিভিন্ন ক্ষেত্ৰত সফলতা লাভ কৰি এই নাৰী কেইগৰাকীয়ে বিৰল নজিৰ দেখুৱালে । আমাৰ এই বিশেষ প্ৰতিবেদনত চলিত বছৰটোত সফলতা লাভ কৰা কেইগৰাকীমান নাৰীৰ ওপৰত আলোকপাত কৰিব খোজা হৈছে (some most successful women of Assam in the year of 2022) ।
এই সফল অসমীয়া মহিলাসকল হৈছে -
সাহিত্য অকাডেমি অনুবাদ বঁটা :
সাহিত্য অকাডেমীৰ অনুবাদ বঁটা অসমৰ তিনিগৰাকী সাহিত্যিকে লাভ কৰিছে । 2021 বৰ্ষৰ সাহিত্য অকাডেমীৰ অনুবাদ সাহিত্য বঁটা লাভ কৰা অসমৰ তিনি সাহিত্যিকৰ ভিতৰত দুগৰাকী মহিলা সাহিত্যিকে লাভ কৰিছে এই অনুবাদ বঁটা । পৰী হিলৈদাৰীয়ে উপন্যাস দাতিপাৰৰ মানুহ আৰু ইন্দিৰা বড়োৰ হিড়িম্বাই লাভ কৰিছে এই সন্মান ।
সাহিত্য অকাডেমি বঁটা :
বড়ো কাব্যয় সংকলন ‘‘চানশ্ৰীনি মদিৰা’’ৰ বাবে ৰশ্মি চৌধুৰীলৈ সাহিত্য অকাডেমি বঁটা 2022 । ‘‘চানশ্ৰীনি মদিৰা’’ শীৰ্ষক কাব্যয় সংকলনৰ বাবে বড়ো ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰিছে বাক্সাৰ ৰশ্মি চৌধুৰীয়ে ৷ 2006 চনৰ পৰা ৰশ্মি চৌধুৰী জড়িত হৈছিল সাহিত্য চৰ্চাৰ সৈতে ৷ শিংৰাপাৰা প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী ৰশ্মি চৌধুৰী ৷
আনহাতে, তেজপুৰ বিশ্ববিদ্যালয়ৰ সহাকাৰী অধ্যাপিকা ড৹ জুৰি দত্তলৈ সাহিত্য অকাডেমী অনুবাদ বঁটা 2022 । ‘কচাৰেথি’ নামৰ মালয়ালম উপন্যাসৰ অসমীয়া অনুবাদ ‘‘কচাৰেথি : আৰায়া নাৰী’’ (Kocharethi: Araya Nari) নামৰ গ্ৰন্থখনৰ বাবে লাভ কৰিছে সাহিত্য অকাডেমী অনুবাদ বঁটা ৷ উল্লেখ্য যে, তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপিকা ড৹ জুৰি দত্ত ৷
মুনীন বৰকটকী সাহিত্য বঁটা :
2022 বৰ্ষৰ মুনীন বৰকটকী সাহিত্য বঁটা লাভ কৰিছে উপাসনা শইকীয়াই । সু সাহিত্যিক, সমালোচক প্ৰয়াত মুনীন বৰকটকীৰ পূণ্য স্মৃতিত মুনীন বৰকটকী স্মাৰক ন্যাসৰ পৰা অসমীয়া ভাষাৰ প্ৰতিভাশালী তৰুণ লেখক লেখিকাক উদগনি জনাবলৈ প্ৰদান কৰি অহিছে মুনীন বৰকটকী সাহিত্য বঁটা ।
28 সংখ্যক মুনীন বৰকটকী সাহিত্য বঁটা হালধীয়া জোতা শীৰ্ষক চুটিগল্প সংকলনৰ পাণ্ডুলিপিৰ বাবে আগবঢ়োৱা হৈছে । গোলাঘাট জিলাৰ ঢেকিয়াল কুমাৰ গাঁও নিবাসী উপাসনা শইকীয়া ।
চেম্পিয়ন অব দা আৰ্থ বঁটা :
হাড়গিলা আৰ্মিৰ নেত্ৰী অসম কন্যালৈ আন্তঃৰাষ্ট্ৰীয় সন্মান লাভ । ৰাষ্ট্ৰ সংঘৰ চেম্পিয়ন অব দা আৰ্থ বঁটাৰে সন্মানিত হৈছে ড৹ পূৰ্ণিমা দেৱী বৰ্মন । ৰাষ্ট্ৰ সংঘৰ সৰ্বোচ্চ পৰিৱেশ বঁটাৰে সন্মানিত হৈ অসমলৈ বিৰল সন্মান কঢ়িয়াই আনিছে । বিশিষ্ট প্ৰকৃতিবিদ জীৱ বিজ্ঞানী ড৹ পূৰ্ণিমা দেৱী বৰ্মনে ।
বিলুপ্ত প্ৰায় হাড়গিলা চৰাই সংৰক্ষণৰ বাবে চলাই অহা নিৰবিচ্ছিন্ন প্ৰয়াসক আনুষ্ঠানিকভাৱে স্বীকৃতি প্ৰদান কৰে । 2005 চনৰ পৰা প্ৰদান কৰি অহা এই সৰ্বোচ্চ সন্মান এতিয়ালৈ 106 গৰাকী ব্যক্তি বা সংগঠনে লাভ কৰিছে ।
ৰজতকমল বঁটা :
ৰাষ্ট্ৰীয় বঁটাত উজ্বলিছে আইমী বৰুৱাৰ প্ৰযোজিত আৰু পৰিচালিত ছবি ছেমখৰ । ছেমখৰে ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে ঘোষণা কৰা 68 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত অষ্টম অনুসূচী অন্তৰ্গত ভাষাসমূহৰ শিতানত ডিমাচা ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰজতকমল বঁটা কৰিবলৈ সক্ষম হৈছে ।
অৰ্জুন বঁটা :
দেশৰ ক্ৰীড়া জগতৰ সন্মানীয় অৰ্জুন বঁটা লাভ কৰিছে অসম কন্যা নয়নমণি শইকীয়াই । লনবলত জিলিকি উঠা অসমৰ এইগৰাকী খেলুৱৈয়ে আগষ্টত ইংলেণ্ডৰ বাৰ্মিংহাম চহৰত অনুষ্ঠিত কমনৱেলথ গেমছত লনবলত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰি স্বৰ্ণপদক দখল কৰিছিল ।
যুৱ প্ৰতিভা বঁটা :
ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ অধীনস্থ উত্তৰ পূৱ মণ্ডল সাংস্কৃতিক কেন্দ্ৰই ঘোষণা কৰা 2021-22 বৰ্ষৰ যুৱ প্ৰতিভা বঁটা অসমৰ আঠগৰাকী শিল্পীয়ে লাভ কৰিবলৈ সক্ষম হৈছে । সত্ৰীয়া নৃত্য বিভাগত দুগৰাকী নৃত্য পটীয়সীয়ে এই বঁটা লাভ কৰিবলৈ সক্ষম হৈছে । গুৱাহাটী নৰ্তন কলা নিকেতনৰ শিল্পী নূপুৰ তালুকদাৰ আৰু শিৱাংগী ৰত্না বৰুৱাই এই বঁটা লাভ কৰিছে ।
ৰাষ্ট্ৰীয় কৃতী শিক্ষক বঁটা :
ৰাষ্ট্ৰীয় কৃতী শিক্ষক বঁটা 2022 বাবে অসমৰ একমাত্ৰ শিক্ষক হিচাপে নিৰ্বাচিত হৈছে তেজপুৰৰ নিবাসী তথা বিহগুৰিস্থিত চন্দ্ৰনাথ শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা মীনাক্ষী গোস্বামীয়ে । ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ পৰা ৰাষ্ট্ৰীয় কৃতী শিক্ষকৰ সন্মানীয় বঁটা গ্ৰহণ কৰি অসমলৈ সুনাম কঢ়িয়াই আনিছে । এইবেলি দেশৰ 46 গৰাকী শিক্ষক-শিক্ষয়ত্ৰীৰ ভিতৰ অসমৰ একমাত্ৰ শিক্ষয়ত্ৰী মীনাক্ষী গোস্বামীয়ে লাভ কৰিবলৈ সক্ষম হৈছে ‘‘ৰাষ্ট্ৰীয় কৃতী শিক্ষক বঁটা’’ ।
এওঁলোকৰ উপৰিও নাম ল’ব লাগিব ফটোগ্ৰাফাৰ অসম কন্যা গীতিকা তালুকদাৰৰ কথা (First photojournalist Gitika Talukdar) ৷ উত্তৰ পূৰ্বাঞ্চলৰ পৰা একমাত্ৰ মহিলা সাংবাদিক হিচাপে কাটাৰৰ ফিফা বিশ্বকাপ 2022 কভাৰ কৰিছিল অসমৰ কন্যা গীতিকা তালুকদাৰে । এগৰাকী আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ফটো সাংবাদিক হিচাপে পৰিচিতি লাভ কৰা গীতিকাই বিশ্বৰ ক্ৰীড়া জগতৰ বহু স্মৰণীয় মুহুৰ্ত নিজৰ কেমেৰাত বন্দী কৰিছিল ।
ইতিমধ্যে অসমৰ লগতে বিভিন্ন ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সৈতে কাম কৰাৰ অভিজ্ঞতা লাভ কৰিছে গীতিকা তালুকদাৰে । 2007 চনত গুৱাহাটীত অনুষ্ঠিত ৰাষ্ট্ৰীয় ক্ৰীড়াৰ সময়ত স্প’ৰ্টছ ফটোগ্ৰাফী আৰম্ভ কৰা গীতিকা বিশ্বৰ সৰ্ববৃহৎ ক্ৰীড়া মহোৎসৱ অলিম্পিক কভাৰ কৰাৰ অভিজ্ঞতাৰে পুষ্ট । তাৰোপৰি IPL ৰ বিভিন্ন ইভেণ্টো কভাৰ কৰিছে এইগৰাকী প্ৰতিভাৱান অসম কন্যাই ।
পূৰ্বেও ফিফা বিশ্বকাপ কভাৰ কৰাৰ অভিজ্ঞতা আছে গীতিকাৰ । গুৱাহাটীৰ পৰা এটা সৰু কেমেৰাৰে ফটোগ্ৰাফী আৰম্ভ কৰা গীতিকা তালুকদাৰ এতিয়া এগৰাকী প্ৰখ্যাত আন্তঃৰাষ্ট্ৰীয় ফটোগ্ৰাফাৰ । তালুকদাৰে 2021 ৰ জাপানৰ টকিঅ’ অলিম্পিকত প্ৰতিনিধিত্ব কৰা উত্তৰ-পূৱ ভাৰতৰ প্ৰথমগৰাকী ফটো সাংবাদিক (Gitika Talukdar First photojournalist in North East India) আৰু 2018 চনৰ ৰাছিয়াৰ ফিফা বিশ্বকাপৰ বাতৰি পৰিৱেশন কৰা প্ৰথমগৰাকী মহিলা সাংবাদিক ।
লগতে তেওঁ আগশাৰীৰ বাতৰি কাকত ইণ্ডিয়া, পূৰ্বাঞ্চল প্ৰহৰী, আমাৰ অসম, ইণ্ডিয়া টুডে আৰু শ্ৰীলংকাৰ কলম্বোৰ ডেইলী ফাইনেন্সিয়েল টাইমছতো কাম কৰি কৰিছে ৷ তদুপৰি অগ্ৰণী আন্তঃৰাষ্ট্ৰীয় বাতৰি সংস্থা: PTI, AFP, ATM , নিউজ ইন এছিয়াৰ লগত জড়িত ।
ইপিনে দক্ষিণ কোৰিয়াৰ আটাইতকৈ সন্মানীয় বিশ্ববিদ্যালয় ছিউল নেচনেলৰ পৰা ক্ৰীড়া ব্যৱস্থাপনাত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে । তেওঁ 2020 চনত ৰিপাব্লিক অৱ ক্ৰীড়া, সংস্কৃতি আৰু পৰ্যটন মন্ত্ৰালয়ৰ পৰা নিজৰ যোগ্যতাৰ ওপৰত বৃত্তি লাভ কৰিবলৈ সক্ষম হৈছে ৷
সাংবাদিকগৰাকী ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰপৰা ৰাজনীতি বিজ্ঞানত স্নাতক হোৱাৰ লগতে সাংবাদিকতা আৰু গণ সংযোগ বিষয়ত স্নাতকোত্তৰ ডিপ্লমাও লাভ কৰিছে ৷ লগতে গুৱাহাটীৰ মিডিয়া ট্ৰাষ্ট অসমৰ গণসংযোগ আৰু মিডিয়া প্ৰযুক্তি প্ৰতিষ্ঠানৰ পৰা সাংবাদিকতা ডিপ্ল'মা লাভ কৰিছে ৷