গুৱাহাটী, 4 নৱেম্বৰ : গুৱাহাটী মহানগৰীত দিনে দিনে বৃদ্ধি হৈছে চোৰৰ উপদ্ৰৱ ৷ চুৰি-ডকাইতি, হত্যা-হিংসা, লুণ্ঠনে মহানগৰবাসীক আতংকিত কৰি ৰাখিছে ৷ নিশাৰ কথা বাদেই, দিন দুপৰতে পথত নিৰাপদে খোজ কাঢ়িবলৈ যাবলৈ ভাবিবলগীয়া হৈছে ৰাইজে ৷ কিয়নো কোন মুহুৰ্তত চিলনী চোৰে ডিঙিৰ চেইন কাঢ়ি নিয়ে তাৰ কোনো ঠিকনা নাই ৷ আনহাতে মহানগৰীত পিত পিতাই ফুৰা চোৰৰ দলে কোন মুহুৰ্তত মহানগৰবাসীৰ দুৱাৰ-খিৰিকী ভাঙি লুটপাত চলায় তাৰো কোনো নিশ্চয়তা নাই ৷
মহানগৰৰ স্মাৰ্ট আৰক্ষীৰ ফোপোলা স্বৰূপ উদঙাই মহানগৰীত টিঘিলঘিলাই ঘুৰি ফুৰিছে চোৰ ৷ মহানগৰীত চুৰি-ডকাইতিৰ ঘটনা ৰোধ কৰাত স্মাৰ্ট আৰক্ষী ব্যৰ্থ হোৱাৰ অভিযোগ উঠিছে ৷ আৰক্ষীয়ে সময়ে সময়ে পেট্ৰলিং নকৰাৰ ফলত এনেধৰণৰ চোৰৰ উপদ্ৰৱ বৃদ্ধি হোৱাৰ অভিযোগ উঠিছে ৷ মহানগৰীত দুৰ্বৃত্তই মহিলাৰ মূৰত পিষ্টল থৈ সোণৰ চেইন আৰু বেগ কাঢ়ি নিয়াৰ দুটাকৈ ঘটনা সংঘটিত হৈছে ৷ দিছপুৰ থানাৰ অন্তৰ্গত হেঙেৰাবাৰী আৰু চচলত এই ঘটনা কেইটা সংঘটিত হৈছে ৷
প্ৰাপ্ত তথ্যমতে প্ৰথমটো ঘটনা সংঘটিত হয় আমতল-চচল পথত ৷ খোজকাঢ়ি গৈ থকা এগৰাকী মহিলাৰ ডিঙিৰ সোণৰ চেইন কাঢ়ি পলায়নৰ চেষ্টা কৰে মটৰচাইকেলত অহা দুই দুৰ্বৃত্তই ৷ সন্তানক স্কুলত থৈ ওভতাৰ পথতে পূবেৰুণ এপার্টমেণ্টৰ সমীপত সংঘটিত হয় এই ঘটনাটো ৷ মহিলাগৰাকীৰ পিচে পিচে মটৰচাইকেলত অহা দুৰ্বৃত্ত দুটাই হঠাতে মহিলাগৰাকীৰ ডিঙিৰ চেইন টানে ৷ মহিলাগৰাকীয় চেইন বচোৱাৰ চেষ্টা কৰাত দুৰ্বৃত্তই তেওঁৰ মূৰত পিষ্টল লগাই দুটুকুৰা হোৱা চেইনডালৰ এটা টুকুৰা লৈ যায় ৷