অসম

assam

ETV Bharat / state

মহানগৰীত অন্ধবিশ্বাসৰ ভয়ংকৰ ঘটনা - KAMAKHYA

মহানগৰীৰ কামাখ্যাত মেৰঘৰৰ ছান্দ সদাগৰৰ কাহিনী । বিষাক্ত সৰ্প দংশনত মৃত্যু হোৱা কিশোৰীক বেজৰ দ্বাৰা জীৱিত কৰাৰ চেষ্টা ৷

মহানগৰীত অন্ধবিশ্বাসৰ ভয়ংকৰ ঘটনা

By

Published : Jun 26, 2019, 6:54 AM IST

গুৱাহাটী, 26 জুনঃ অম্বুবাচীৰ মাজতেই গুৱাহাটীৰ কামাখ্যাত সংঘটিত হৈছে মেৰঘৰৰ ছান্দ সদাগৰৰ কাহিনী । বিষাক্ত সৰ্প দংশনত মৃত্যু হোৱা কিশোৰীৰ মৃতদেহ চোতালত ৰাখি বেজৰ অপেক্ষাত এটি পৰিয়াল । বিজ্ঞান প্ৰযুক্তিৰ দিনত মহানগৰীত অন্ধবিশ্বাসৰ ভয়ংকৰ ঘটনা । প্ৰায় ৭ দিন পূৰ্বে ঘৰত শুই থকা অৱস্থাত বিষাক্ত সাপে দংশন কৰিছিল লভিতা পাঠক নামৰ এগৰাকী কিশোৰীক । তাৰ পিচত কিশোৰীগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ৷ GMCH ৰ ICU ত চিকিৎসাধীন হৈ আছিল কিশোৰীগৰাকী । অৱশেষত মঙলবাৰে কিশোৰীগৰাকী মৃত্যু হোৱা বুলি ঘোষণা কৰে চিকিৎসকে ।

মহানগৰীত অন্ধবিশ্বাসৰ ভয়ংকৰ ঘটনা

কিশোৰীগৰাকীৰ মৃতদেহ বাসগৃহত লৈ অনা হয় যদিও পৰিয়ালৰ লোকে সৎকাৰ নকৰে মৃতদেহটো কাৰণ পৰিয়ালৰ মতে জীৱিত আছে লভিতা পাঠক । বেজৰ অপেক্ষাত ঘৰৰ চোতালতে ৰাখি থয় মৃতদেহটো । এই ঘটনাই পুনৰ প্ৰমাণ কৰিলে অন্ধবিশ্বাসৰ ঘটনা ৷

ABOUT THE AUTHOR

...view details