গুৱাহাটী, 22 মে’: মঙলবাৰে গুৱাহাটী প্ৰেছক্লাৱত আয়োজিত এক সংবাদমেলত গুৰুতৰ অভিযোগ উত্থাপন একাংশ সচেতন নাগৰিকৰ ৷ NRC ৰ আপত্তি প্ৰক্ৰিয়াৰ নামত এচাম লোকে হকে-বিহকে দাখিল কৰিছে আপত্তি ৷ যাৰ বাবে বহু সমস্যাত ভোগিব লগা হৈছে বহু লোক ৷
অপব্যৱহাৰ অভিযোগ NRC ৰ আপত্তি প্ৰক্ৰিয়াৰ - গুৱাহাটী প্ৰেছক্লাৱ
NRC ৰ আপত্তি প্ৰক্ৰিয়াৰ অপব্যৱহাৰৰ অভিযোগ একাংশ লোকৰ ৷ বহুলোকক অযথা হাৰাশাস্তি কৰিছে একাংশ অভিযোগকাৰীয়ে ৷ এই বিস্ফোৰক অভিযোগ একাংশ ভুক্তভোগীৰ ৷
অপব্যৱহাৰ অভিযোগ NRC ৰ আপত্তি প্ৰক্ৰিয়াৰ বিৰুদ্ধে
এনে বহু লোকে নিজকে ভাৰতীয় আৰু একে পৰিয়ালৰ বুলি প্ৰমাণ কৰিবলৈ এন আৰ চিৰ অভিযোগ কেন্দ্ৰত ঘণ্টা ঘণ্টা ধৰি থাকিব লগা হৈছে ৷ গতিকে এনে অযথা হাৰাশাস্তি বন্ধ কৰাৰ বাবে দাবী জনায় একাংশ ভুক্তভোগী লোকে৷ উক্ত সংবাদমেলত বিশিষ্ট সমাজকৰ্মী হৰ কুমাৰ গোস্বামী, লেখক জমশ্বেৰ আলিকে প্ৰমুখ্য কৰি বহু ভুক্তভোগীয়ে অংশ গ্ৰহণ কৰে ৷