গুৱাহাটী, ২৬ এপ্ৰিলঃ গুৱাহাটীৰ নুনমাটি থানাৰ অন্তৰ্গত মঠঘৰীয়াৰ আহমেদ নগৰত বৃহস্পতিবাৰে সংঘটিত হৈছিল এক জঘন্য ঘটনা ৷ এগৰাকী কন্যা শিশুক বলাৎকাৰ কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল সমগ্ৰ নুনমাটি অঞ্চলত । বৃহস্পতিবাৰে এগৰাকী ছয় বছৰীয়া কন্যা শিশুক নিজৰ ঘৰলৈ মাতি আনি অসৎ কাৰ্য চৰিতাৰ্থ কৰে ছহিদুলে ।
সেই সময়তে ওচৰৰ এজন যুৱকে সমগ্ৰ ঘটনাটো প্ৰত্যক্ষ কৰি ঘটনা সন্দৰ্ভত শিশুটিৰ পিতৃক অৱগত কৰাত পিতৃয়ে লম্পট ছহিদুল আলিক কৰায়ত্ত কৰে যদিও কৌশলেৰে পলায়ন কৰে লম্পট জন । পিচত ঘটনা সন্দৰ্ভত স্থানীয় ৰাইজে নুনমাটি থানাত খবৰ দিয়াত নুনমাটি আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে । অৱশেষত ২৪ ঘণ্টাৰ ভিতৰত পলাতক ছদিদুলক আলিক গ্ৰেপ্তাৰ কৰে নুনমাটি আৰক্ষীয়ে ।