গুৱাহাটী, ২১ ডিচেম্বৰ : বিদ্যুতৰ ক্ৰমবৰ্ধিত চাহিদা পূৰণৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে সৌৰশক্তি প্ৰকল্পৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে যদিও আশানুৰূপ ফলাফল লাভ কৰা নাই । লক্ষণীয় বিষয় যে ৰাজহুৱা প্ৰতিষ্ঠানৰ সৈতে অসম চৰকাৰে যৌথ উদ্যোগ কোম্পানী গঠন কৰাৰ পাচতো ৰাজ্যত সৌৰশক্তি প্ৰকল্প নিৰ্মাণৰ প্ৰক্ৰিয়া চালুকীয়া অৱস্থাতেই আছে ।
ৰাজ্যত আগবঢ়া নাই সৌৰশক্তি প্ৰকল্পৰ নিৰ্মাণ প্ৰক্ৰিয়া সৌৰশক্তি উৎপাদন কৰি ৰাজ্যবাসীৰ বিদ্যুতৰ চাহিদা পূৰণ কৰাৰ পূৰ্ণ সম্ভাৱনা স্পষ্ট হৈ থকাৰ পাচতো দেশৰ বহু ৰাজ্যৰ তুলনাত অসমত সৌৰশক্তিৰ উৎপাদন অতি নগণ্য । কেন্দ্ৰীয় চৰকাৰৰ তথ্য অনুসৰি অসমত ১৩,৭৬০ মেগাৱাট সৌৰশক্তি উৎপাদনৰ সম্ভাৱনা আছে । অর্থাৎ ৰাজ্যবাসীৰ চাহিদাতকৈ বহু বেছি সৌৰশক্তি অসমত উৎপাদন হ’ব পাৰে বুলি ভাৰত চৰকাৰৰ শক্তি পৰিসংখ্যা প্ৰতিবেদনত প্ৰকাশ কৰা হৈছিল ।
কেন্দ্ৰীয় চৰকাৰৰ এই প্ৰতিবেদনক আধাৰ হিচাপে লৈ ২০২৬ চনৰ ভিতৰত ৩০০০ মেগাৱাট সৌৰশক্তি উৎপাদনৰ লক্ষ্য অসম চৰকাৰে নিৰ্ধাৰণ কৰে । যাৰ বাবে ২০২৬ চনটো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰৰ বাবে হ’ব টাৰ্নিং পইণ্ট । কিয়নো ২০২৬ চনত অসম বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব ।
৩০০০ মেগাৱাট সৌৰশক্তি উৎপাদনৰ লক্ষ্য অসম চৰকাৰৰ যদি বিধানসভা নিৰ্বাচনৰ পূৰ্বে প্ৰতিশ্ৰুতি অনুসৰি অসম চৰকাৰে ৩০০০ মেগাৱাট সৌৰশক্তি উৎপাদন কৰিবলৈ সক্ষম হয় তেন্তে স্বাভাৱিকতে শাসক পক্ষৰ বাবে ইতিবাচক হ'ব । ইয়াক লৈ চৰকাৰে কৃতিত্ব দাবী কৰিব পাৰিব । কিন্তু বৰ্তমান সময়ত সেয়া সম্ভৱ হোৱাৰ সম্ভাৱনা কম ।
মাজত আছে দুটা বছৰ । এই দুটা বছৰত ৩০০০ মেগাৱাট সৌৰশক্তি অসমত উৎপাদন কৰিব পৰাটো সহজ নহয় । তথ্য অনুসৰি প্ৰকল্প লোৱা হৈছে যদিও সৌৰ বিদ্যুৎ উৎপাদনৰ স্থানেই এই পর্যন্ত এশ শতাংশ নিশ্চিত কৰি তুলিব পৰা নাই । বহু স্থানত জৰীপ চলিয়েই আছে । এই পৰ্যন্ত ৰাজ্যখনত ২৫০ মেগাৱাট বিদ্যুতহে সৌৰশক্তি প্ৰকল্পৰ পৰা উৎপাদন হয় ।
সৌৰশক্তি প্ৰকল্পৰ নিৰ্মাণ প্ৰক্ৰিয়া গ্ৰিড-সংযুক্ত সৌৰশক্তি কেন্দ্ৰৰ পৰা ১৭৯ মেগাৱাট, গ্ৰিড-সংযুক্ত ছাদ সৌৰশক্তি কেন্দ্ৰৰ পৰা ৩১ মেগাৱাট আৰু অফ গ্ৰিড সৌৰ প্ৰকল্পৰ পৰা ৪০ মোগাৱাট বিদ্যুতকে ধৰি ৰাজ্যত উৎপাদিত সৌৰশক্তিৰ পৰিমাণ হ’ল ২৫০ মেগাৱাট । তেনেস্থলত আগন্তুক দুটা বছৰৰ ভিতৰত ৩০০০ মেগাৱাট সৌৰশক্তি উৎপাদন কৰাটো কেনেকৈ সম্ভৱ ।
যদি লক্ষ্য অনুযায়ী ৩০০০ মেগাৱাট সৌৰ বিদ্যুৎ উৎপাদন কৰিবলৈ সক্ষম হয় তেন্তে ২০২৬ চনতেই অসম বিদ্যুৎ উৎপাদনত স্বাৱলম্বী হ’ব । কিয়নো জলবিদ্যুতকে ধৰি আন উৎসৰ পৰাও অসমে কিছু পৰিমাণৰ বিদ্যুৎ উৎপাদন কৰি আহিছে । কিন্তু এই পর্যন্ত সৌৰ বিদ্যুৎ উৎপাদনৰ যি ধৰণৰ প্ৰক্ৰিয়া চলি আছে ৷ সেই প্ৰক্ৰিয়া ত্বৰান্বিত নহ’লে কোনো কাৰণতে ২০২৬ চনৰ ভিতৰত অসমত ৩,০০০ মেগাৱাট সৌৰ বিদ্যুৎ উৎপাদন সম্ভৱ হৈ নুঠিব । গুৰুত্বপূৰ্ণ যে কেন্দ্ৰীয় চৰকাৰে কাৰ্বন নিৰ্গত হোৱাটো হ্ৰাস কৰাৰ বাবে নৱীকৰণযোগ্য শক্তি আহৰণত সৰ্বাধিক গুৰুত্ব দিছে ।
সৌৰশক্তি প্ৰকল্পৰ নিৰ্মাণ কেন্দ্ৰীয় চৰকাৰৰ এই লক্ষ্য অনুসৰি তাপবিদ্যুৎ প্ৰকল্পৰ পৰা বিদ্যুৎ আহৰণ প্ৰায় বন্ধ হৈ পৰিব । ইতিমধ্যে ২০৩০ চনৰ ভিতৰত দেশত প্ৰয়োজনীয় মুঠ বিদ্যুতৰ ৫০ শতাংশ বিদ্যুৎ নৱীকৰণযোগ্য শক্তিৰ পৰা আহৰণ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে ব্যাপক প্ৰচেষ্টা চলাইছে । অসমত বৰ্তমান পর্যন্ত নৱীকৰণযোগ্য বিদ্যুৎআহৰণৰ মুঠ পৰিমাণ হ’ল ৩২৩ মেগাৱাট ।
এই ৩২৩ মেগাৱাট নৱীকৰণযোগ্য বিদ্যুতৰ ভিতৰত ২৫০ মেগাৱাট সৌৰ বিদ্যুৎ আৰু বাকীখিনি জলবিদ্যুৎ । গতিকে ‘মুখ্যমন্ত্ৰী সৌৰশক্তি প্ৰকল্প’ৰ অধীনত লক্ষ্য অনুযায়ী সৌৰ বিদ্যুৎ উৎপাদন হ’লে স্বাভাৱিকতে অসমত নৱীকৰণযোগ্য শক্তিৰ প্ৰভাৱ পৰিব ।
লগতে পঢ়ক :প্ৰসংগ : গ্ৰেনেড বিস্ফোৰণ; অসম আৰক্ষীক মিথ্যাচাৰী বুলিলে আলফা(স্বা)ই