গুৱাহাটী,২২ ডিচেম্বৰ : ৰাজ্যত প্রধানমন্ত্রী আৱাস যোজনা চমুকৈ পি এম এ ৱাইৰ অধীনত গৃহহীনক ঘৰ আবণ্টনৰ প্রক্রিয়া অতি লেহেম হৈছে (Slow Implementation of PMAY in assam)। পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগে পি এম এ ৱাই (গ্রামীণ) আঁচনিৰ জৰিয়তে গ্রামাঞ্চলৰ কেঁচা ঘৰৰ গৰাকীক আৰু গৃহহীনক পকী ঘৰ নিৰ্মাণ কৰি দিয়াৰ লক্ষ্যত উপনীত হ'ব পৰা নাই । ইয়াৰ মূলতেই হ'ল পুঁজি মোকলাই দিয়াত কেন্দ্রীয় চৰকাৰৰ হেমাহি আৰু বিভাগীয় ব্যর্থতা ।
উল্লেখ্য যে ২০২০-২১ বিত্তীয় বৰ্ষত অসমত পি এম এ ৱাই (গ্রামীণ) আঁচনিৰ অধীনত মাত্র ২১,২০২ টা ঘৰহে নির্মাণ হৈছে । অথচ উক্ত বিত্তীয় বৰ্ষত মুঠ ২,৬৯,৫২৯ টা পি এম এ ৱাইৰ ঘৰত অনুমোদন জনাইছিল কেন্দ্রীয় চৰকাৰে । বিগত বিত্তীয় বৰ্ষত অতি কম সংখ্যক পি এম এ ৱাইৰ ঘৰ নির্মাণ হোৱা হেতুকে চলিত বৰ্ষত নতুনকৈ কোনো তালিকাত অনুমোদন জনোৱা হোৱা নাই ।
জানিব পৰা মতে ২০২০-২১ বিত্তীয় বৰ্ষত পি এম এ ৱাইৰ ঘৰ বিচৰা গ্রামাঞ্চলৰ ২,৭৮,৬৩১ জন হিতাধিকাৰীৰ পৰা বাছনি কৰা হয় ২,৬৯,৫২৯ জন হিতাধিকাৰীক । ইয়াৰে ২,৬৫,২৩০ জন হিতাধিকাৰীক গৃহ আবণ্টনৰ বাবে পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগে জিঅ' টেগ সম্পন্ন কৰে । কিন্তু নির্মাণ হয় মাত্র ২১,২০২ টা ঘৰ । কেন্দ্রীয় চৰকাৰে উক্ত আঁচনিৰ বাবে অসমলৈ ৪,৭৫৭ কোটি ৬৮ লাখ টকা আবণ্টন দিয়ে যদিও ২০২০-২১ বিত্তীয় বৰ্ষত মাত্র ১,৫০৩ কোটি টকাহে মুকলি কৰি দিয়ে ।