গুৱাহাটী, 9 ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী শ্ল'গানেৰে ভৰিছে মহানগৰীৰ দেৱাল। মুখ্যমন্ত্ৰীৰ চৰকাৰী আবাসগৃহলৈ যোৱা পথৰ কাষৰ দেৱালত লিখিলে 'সোণোৱাল হাই হাই, মোদী হায় হায়' শ্ল'গান।
উল্লেখ্য যে,আগন্তুক 15 ডিচেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু জাপানৰ প্ৰধানমন্ত্ৰী আবেইৰ গুৱাহাটী ভ্ৰমণৰ পূৰ্বে মহানগৰীক নতুন ৰূপত সজাই তোলা হৈছে। মহানগৰীৰ প্ৰতিটো পথ নতুনকৈ নিৰ্মাণ কৰাৰ লগতে দেৱালসমূহত কৰা হৈছে নতুনকৈ ৰঙ ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু জাপানৰ প্ৰধানমন্ত্ৰী শ্বিনজো আবেৰ ভ্ৰমণৰ পূৰ্বে নতুনকৈ ৰঙ কৰা মহানগৰীৰ দেৱালসমূহ এতিয়া ভৰি পৰিছে বিভিন্ন কেব বিৰোধী শ্ল'গানেৰে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ চৰকাৰী আবাসগৃহলৈ যোৱা পথৰ কাষৰ দেৱালসমূহো ভৰি পৰিছে মুখ্যমন্ত্ৰী,প্ৰধানমন্ত্ৰী আৰু কেব বিৰোধী বিভিন্ন শ্ল'গানেৰে। যাৰ বাবে মহানগৰীৰ সৌন্দয্য বৰ্ধনৰ বাবে শ্ৰমিকসকলে কেব বিৰোধী শ্ল'গান আতৰাই পুনৰ নতুনকৈ ৰঙ কৰিছে দেৱালসমূহ।