গুৱাহাটী, ৬ আগষ্ট: মূল্যবৃদ্ধিয়ে জলাকলা খুৱাইছে সৰ্বসাধাৰণ জনতাক । শাক-পাচলিৰ পিচতে বৃদ্ধি হৈছে চাউল, দাইল, মিঠাতেল, কাবুলি বুটকে ধৰি অন্যান্য অত্যৱশ্যকীয় সামগ্ৰীৰ দাম । ৪০% কৈ বৃদ্ধি হৈছে সামগ্ৰীৰ দাম । প্ৰতিকিলোগ্ৰাম চাউলৰ দাম ৫-১০ টকাকৈ বৃদ্ধি হৈছে ৷ আনহাতে দাইলৰ দাম ৩০-৪০ টকা, কাবুলি বুট ২০-৩০ টকা, জিৰা আৰু জালুকৰ দাম দুগুণ বৃদ্ধি হৈ ৭০০- ৮০০ টকা হৈছে প্ৰতিকিলোগ্ৰামত ।
ব্যৱসায়ীয়ে জনোৱা মতে, প্ৰতিকিলোগ্ৰাম মগু দাইল পূৰ্বতে ১১০ টকাৰ বিপৰীতে বৰ্তমান ১২০-১৩০ টকাত, ৰহৰ দাইল ১২০ টকাৰ পৰিৱৰ্তে ১৪০-১৫০ টকা বিক্ৰী কৰিবলগীয়া হৈছে ৷ তদুপৰি ১২০ টকাৰ কাবুলি বুট ১৪০ টকা পৰ্যন্ত বিক্ৰী কৰিব লগা হৈছে । বিগত এসপ্তাহৰ পৰা বৃদ্ধি হৈছে চাউল-দাইলৰ মূল্য । আনহাতে মিঠাতেলৰ দাম ৫% পৰ্যন্ত বৃদ্ধি হৈছে । দিনে দিনে বৃদ্ধি হৈ আহিছে চাউল-তেলৰ দাম ।
দাম বৃদ্ধিত বিপাঙত পৰিছে সৰ্বসাধাৰণ জনতা । কিন্তু ইয়াৰ পিচতো নিষ্ক্ৰিয় যোগান বিভাগ । বজাৰত সম্প্ৰতি নূন্যতম মূল্যৰ প্ৰতিকেজি চাউলৰ খুচুৰা দাম ৪৫টকা । প্ৰতিকিলোগ্ৰাম চাউলত ৫-১০ টকাকৈ বৃদ্ধি হৈছে । পূৰ্বতে যিবোৰ চাউলৰ দাম ৩০-৩২ টকা সেই চাউলৰ দাম হৈছেগৈ ৪২ টকা । প্ৰতিকুইন্টল চাউল ৩৮৫০ টকাত ক্ৰয় কৰিবলগীয়া হৈছে ব্যৱসায়ীসকলে । বিশেষকৈ বৰপেটা, খাৰুপেটীয়াৰ পৰা যিবোৰ আইজং চাউল আহে সেইবোৰৰ দাম অধিক বৃদ্ধি হৈছে ।