অসম

assam

ETV Bharat / state

Demand for Mission Bashundhara-3: খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে বসুন্ধৰা-৩ প্ৰৱৰ্তনৰ দাবী - Promise of land pattas to landless families

চৰ্ত পূৰণ কৰিব নোৱাৰি বহু খিলঞ্জীয়া লোকে আবেদন কৰিব নোৱাৰিলে মিছন বসুন্ধৰাত-2 । ১৪ নৱেম্বৰত আৰম্ভ হোৱা মিছন বসুন্ধৰা-2ৰ চলিত মাহৰ ১৪ নৱেম্বৰত সামৰণি পৰিব । কেতবোৰ জটিল বিষয় নিষ্পত্তি কৰিবলগীয়া হোৱাৰ বাবে এই অভিযান আৰু দহ দিনমান বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে । ৰাজহ বিভাগে লাভ কৰা ১৩ লাখৰো অধিক আৱেদনৰ ভিতৰত দহ লাখৰো অধিক আৱেদন নিষ্পত্তি কৰা হৈছে । নিষ্পত্তি হ'বলৈ বাকী আছে দুই লাখৰো অধিক আৱেদন । বঞ্চিত হোৱা খিলঞ্জীয়াৰ স্বাৰ্থত বসুন্ধৰা-৩ প্ৰৱৰ্তন কৰাৰ দাবী বিভিন্ন দল-সংগঠনৰ ।

sixty thousand families will get land patta through Mission Basundhara 2
খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে বসুন্ধৰা-৩ প্ৰৱৰ্তনৰ দাবী

By ETV Bharat Assamese Team

Published : Nov 4, 2023, 7:16 PM IST

গুৱাহাটী,৪ নবেম্বৰ:খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰ নিশ্চিত কৰাৰ বাবে প্ৰৱৰ্তন কৰা বসুন্ধৰা-২ত বহু খিলঞ্জীয়া লোকে নানান বিসংগতিৰ বাবে আবেদন কৰিব নোৱাৰিলে । বিভিন্ন দল-সংগঠনে উত্থাপন কৰা এই অভিযোগৰ বিপৰীতে নতুন বছৰৰ আৰম্ভণিতে ৬০ হাজাৰ পৰিয়ালে লাভ কৰিব ভূমিৰ পট্টা । লক্ষণীয় বিষয় যে খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে প্ৰৱৰ্তন কৰা মিছন বসুন্ধৰা আঁচনিখনে স্পৰ্শ কৰিব নোৱাৰিলে ৰাজ্যৰ বহু খিলঞ্জীয়া লোকক ।

খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে বসুন্ধৰা-৩ প্ৰৱৰ্তনৰ দাবী

বহু খিলঞ্জীয়া লোকে আঁচনিখনৰ সুবিধা গ্ৰহণ কৰাৰ পৰা বঞ্চিত হয় । জানিব পৰা মতে কামৰূপ মহানগৰকে ধৰি লখিমপুৰ, ধেমাজি, মাজুলী, গোলাঘাট আৰু বঙাইগাঁও জিলাৰ বহু গাঁৱৰ খিলঞ্জীয়া বাসিন্দাই ভূমি পট্টাৰ বাবে মিছন বসুন্ধৰা আঁচনিত আৱেদনেই কৰিব নোৱাৰিলে । বহুভুজ আকৃতিৰ মেপ নথকা, দাগ নম্বৰ নথকা আৰু চিঠা প্ৰ-পত্ৰৰ অভাৱত এই জিলাকেইখনৰ বহু লোকে মিছন বসুন্ধৰাত ভূমি পট্টাৰ বাবে আৱেদন কৰাৰ সুযোগ নাপালে ।

মিছন বসুন্ধৰাত আৱেদনৰ বাবে বান্ধি দিয়া চৰ্তসমূহৰ বাবে এতিয়া স্বয়ং খিলঞ্জীয়া লোকেই ভূমি পট্টা পোৱাৰ পৰা বঞ্চিত হ'ব লগা হৈছে । বঞ্চিত গাঁওসমূহৰ বাসিন্দাক আৱেদন কৰাৰ বাবে চৰকাৰে পুনৰ সুযোগ দিব নে নাই সেয়াও স্পষ্ট হোৱা নাই । ইফালে মিছন বসুন্ধৰাৰ-২ৰ অধীনত লাভ কৰিবলগীয়া ভূমিহীন পৰিয়ালে যাতে সহজতে ভূমি বন্দৱস্তি পাব পাৰে তাৰ বাবে মাটিৰ প্রিমিয়াম হ্ৰাস কৰিছে ৰাজহ বিভাগে ।

খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে বসুন্ধৰা-৩ প্ৰৱৰ্তনৰ দাবী

উল্লেখ্য যে খিলঞ্জীয়া লোকক ভূমি পট্টা নিশ্চিত কৰিবলৈ ৰাজ্য চৰকাৰে বিগত বৰ্ষৰ ১৪ নৱেম্বৰত মিছন বসুন্ধৰা-২ আৰম্ভ কৰিছিল । চলিত মাহৰ ১৪ নৱেম্বৰত মিছন বসুন্ধৰা-২ সামৰণি পৰিব । কিন্তু কেতবোৰ জটিল বিষয় নিষ্পত্তি কৰিবলগীয়া হোৱাৰ বাবে এই অভিযান আৰু দহ দিনমান বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে । পূৰ্বতে গ্রামাঞ্চলৰ মাটিৰ প্রিমিয়াম বিঘাই প্রতি ৫০০ টকা আছিল যদিও খিলঞ্জীয়া দুখীয়া লোকে যাতে ভূমিৰ পট্টা পাব পাৰে তাৰ বাবে ৰাজহ বিভাগে নতুনকৈ প্ৰতি বিঘা মাটিৰ বাবত প্রিমিয়াম ধার্য কৰিছে এশ টকা ।

নগৰাঞ্চলত পকীঘৰ থকা পৰিয়ালে 'জ'নেল ভেল্যু'ৰ ওপৰত নিৰ্ভৰ কৰি মাটিৰ প্রিমিয়াম দিব লাগিব । অৱশ্যে অসম টাইপৰ ঘৰ থাকিলে ৩০ শতাংশ আৰু কেঁচাঘৰ থাকিলে ১০ শতাংশ মাটিৰ প্রিমিয়াম দিব লাগিব । উল্লেখ্য যে মিছন বসুন্ধৰা-২ৰ অধীনত চৰকাৰৰ পৰা দখলীকৃত ভূমি লাভ কৰিবলৈ ১৩ লাখৰো অধিক আৱেদন ৰাজহ বিভাগে লাভ কৰিছে । ইয়াৰে দহ লাখৰো অধিক আৱেদন নিষ্পত্তি কৰা হৈছে আৰু এতিয়াও দুই লাখৰো অধিক আৱেদন নিষ্পত্তি হ'বলৈ বাকী আছে ।

খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে বসুন্ধৰা-৩ প্ৰৱৰ্তনৰ দাবী

ৰাজহ বিভাগৰ পৰা জিলাৰ আয়ুক্ত আৰু ৰাজহ চক্ৰ বিষয়া সকলক ১৪ নৱেম্বৰৰ ভিতৰত এই আবেদনসমূহ নিষ্পত্তি কৰিবলৈ নিৰ্দেশ দিয়া হৈছে । খিলঞ্জীয়া লোকৰ ভূমি পট্টনৰ বাবে লোৱা ব্যৱস্থাৰ অংশ হিচাপে নিষ্পত্তি হোৱা আৱেদনৰ পৰা প্রায় ৬০ হাজাৰ পৰিয়ালত ভূমি বন্দোৱস্তিৰ বাবে কেবিনেটে ইতিমধ্যে অনুমোদন জনাইছে । জিলা পৰ্যায়ৰ ভূমি উপদেষ্টা পৰিষদৰ অনুমোদন লাভ কৰাৰ লগে লগে খিলঞ্জীয়া ভূমিহীন লোকে লাভ কৰিব মাটিৰ পট্টা ।

উল্লেখ্য যে ভূমি উপদেষ্টা পৰিষদ আৰু সংশ্লিষ্ট জিলাৰ অভিভাৱক মন্ত্ৰীৰ অনুমোদনৰ পাছতে ভূমিহীন পৰিয়ালক মাটিৰ পট্টা দি ৰাজ্য চৰকাৰে নতুন বছৰৰ উপহাৰ দিব । ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহনে জানিবলৈ দিয়া মতে চৰকাৰে প্ৰায় তিনি লাখ লোকক মাটিৰ পট্টা দিবলৈ সাজু হৈছে । আবেদনসমূহৰ ভিতৰত অধিকাংশই নিষ্পত্তি হৈছে যদিও ধেমাজিকে ধৰি কেইবাখনো জিলাৰ বহু জটিল আৱেদন নিষ্পত্তি কৰাত পলম হৈছে ।

গতিকে মিছন বসুন্ধৰা-২ৰ সমাপ্ত কৰিবলৈ আৰু কিছুদিনৰ আৱশ্যক হ'ব । তেনেস্থলত সময়সীমা কিছু বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে । ইফালে মিছন বসুন্ধৰা-২ত আবেদন কৰাৰ সুযোগ নোপোৱা খিলঞ্জীয়াৰ স্বাৰ্থত মিছন বসুন্ধৰা-৩ আৰম্ভ কৰাৰ বাবে চৰকাৰৰ ওচৰত ট্ৰাইবেল সংঘকে ধৰি কেইবাটাও সংগঠনে দাবী জনাইছে । লক্ষণীয় বিষয় যে খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰ নিশ্চিত কৰাৰ বাবে বিজেপি চৰকাৰে মিছন বসুন্ধৰা নামৰ ধ্বজাবাহী আঁচনিখন আৰম্ভ কৰিছিল ।

২০২১ চনৰ ২ অক্টোবৰত ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা বিভাগৰ জৰিয়তে এই আঁচনিখন মুকলি কৰা হৈছিল । পৰৱৰ্তী সময়ত ২০২২ চনৰ ১৪ নৱেম্বৰত মিছন বসুন্ধৰা ২-০ আৰম্ভ কৰা হৈছিল । লক্ষণীয় বিষয় যে বহু সংখ্যক খিলঞ্জীয়া লোকে মিছন বসুন্ধৰা-২ত ভূমিৰ পট্টা বিচাৰি আৱেদন কৰাত ব্যর্থ হয় । ৰাজ্যৰ অন্য প্ৰান্তৰ কথা বাদেই খোদ গুৱাহাটীৰ গাতেই লাগি থকা সোণাপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ডিমৰীয়া অঞ্চলতেই নথিৰ অভাৱত বহু লোকে মিছন বসুন্ধৰাত আৱেদন কৰিব নোৱাৰিলে ।

অথচ সেইসকল লোক হাড়ে-হিমজুৱে খিলঞ্জীয়া অসমীয়া । ডিমৰীয়াৰ দৰে ধেমাজি, লখিমপুৰ, মাজুলী, গোলাঘাট আদিত যুগ যুগ ধৰি বসবাস কৰি অহা বহু জনজাতীয় লোকে ভূমিৰ অধিকাৰ সাব্যস্ত কৰাত ব্যর্থ হয় । লক্ষণীয় বিষয় যে যেতিয়ালৈ ভূমিৰ পট্টা নাথাকে তেতিয়ালৈ খিলঞ্জীয়াই চৰকাৰী সা-সুবিধাও লাভ নকৰে । সেয়ে মিছন বসুন্ধৰা আঁচনিখন চৰকাৰে গ্ৰহণ কৰিছিল যদিও কার্যকৰী ব্যৱস্থাত যথেষ্ট বিসংগতি ৰৈ যোৱাত বহু গাঁৱৰ লোক আঁচনিখনৰ সুযোগ গ্রহণত ব্যর্থ হয় । যাৰ বাবে খিলঞ্জীয়াৰ স্বাৰ্থত মিছন বসুন্ধৰা-৩ আৰম্ভ কৰাৰ দাবী উত্থাপন কৰিছে বিভিন্ন দল-সংগঠনে ।

লগতে পঢ়ক:Assam Govt to Subsidised Tea : ৰেচন কাৰ্ড থকাসকলে পাব ৰাজসাহায্যযুক্ত চাহ; অসম চৰকাৰৰ ঘোষণা

ABOUT THE AUTHOR

...view details