গুৱাহাটী, ১০ নৱেম্বৰ: সন্মনীয় ছানফীষ্ট কাপ ফুটবল টুৰ্ণামেণ্ট ২০২২ৰ ষষ্ঠ সংস্কৰণৰ বৃহস্পতিবাৰে সামৰণি পৰে (Sunfeast CUP 2020) । এই প্ৰতিযোগীতাত ২৭০০ৰো অধিক খেলুৱৈয়ে ফুটবলৰ প্ৰতি তেওঁলোকৰ দক্ষতা প্ৰদৰ্শন কৰে। ২০১৫ চনত ইয়াৰ আৰম্ভণিৰ পৰা উত্তৰ-পূবৰ আটাইতকৈ সন্মানীয় ফুটবল প্ৰতিযোগিতাখনে বিছ হাজাৰৰো অধিক খেলুৱৈক তেওঁলোকৰ প্ৰতিভা প্ৰদৰ্শন কৰাত সহায় কৰি আহিছে (Sunfeast Cup football tournament)।
আজি ভাৰতীয় ফুটবলৰ প্ৰাক্তন অধিনায়ক বাইচুং ভূটিয়াই গুৱাহাটীৰ ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ (ছাই) ফুটবল গ্ৰাউণ্ডত (Sports Authority of India)চূড়ান্ত অনুষ্ঠানটোত অংশগ্ৰহণ কৰে আৰু বিজয়ী মণিপুৰ মাৰ্শ্বেল (অনুৰ্ধ-১৩) আৰু মণিপুৰ মাৰ্শ্বেল (অনুৰ্ধ-১৬) দলক সন্মানীয় ছানফীষ্ট কাপ ট্ৰফী প্ৰদান কৰে ।
ছানফীষ্ট কাপ ফুটবল টুৰ্ণামেণ্ট ২০২২ৰ ষষ্ঠ সংস্কৰণৰ সফল সামৰণি উল্লেখ যে আই টি চিৰ ছানফীষ্টে বিগত ডেৰ মাহ ধৰি বিভিন্ন বিদ্যালয় আৰু ক্লাবৰ উচ্চাকাংক্ষী ফুটবল খেলুৱৈসকলৰ ওচৰলৈ গৈছিল । ছানফীষ্টে ফুটবলৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে কাম কৰি আহিছে । লীগটোত ক্লাব তথা বিদ্যালয়ৰ ২৪৬ টা দলৰ মাজত খেল অনুষ্ঠিত হৈছিল । অনুৰ্ধ-১৩ ৰ ফাইনেলখন মেঘালয় মাষ্টাৰ্ছ আৰু মণিপুৰ মাৰ্শ্বেলৰ মাজত হৈছিল । আনহাতে অনুৰ্ধ-১৬ ৰ ফাইনেল খেলখন মেঘালয় মাষ্টাৰ্ছ আৰু মণিপুৰ মাৰ্শ্বেলৰ মাজত হৈছিল ।
মণিপুৰ মাৰ্শ্বেলে (অনুৰ্ধ ১৩ আৰু অনুৰ্ধ-১৬) চানফিষ্ট কাপৰ ষষ্ঠ সংস্কৰণত জয়ী হয় (Sixth edition of Sunfeast Cup)। এই উপলক্ষ্যে পল্টন বজাৰৰ 'ছাই'ত আয়োজন কৰা এখন সংবাদমেলত লীগ সন্দৰ্ভত আই টি চি লিমিটেডৰ ফুডছ ডিভিজনৰ বিস্কুট আৰু কেক ক্লাষ্টাৰৰ চি অ' অ' আলী হেৰিছ শ্বেৰে কয় যে অঞ্চলটোত ফুটবলৰ জনপ্ৰিয়তা আৰু অধিক উন্নত কৰাৰ বাবে ব্ৰেণ্ডটোৰ পদক্ষেপৰ প্ৰতি জনসাধাৰণৰ সমৰ্থনে আমাক উত্তৰ-পূৰ্বাঞ্চলত অধিক উদীয়মান খেলুৱৈৰ সৈতে জড়িত হ'বলৈ উৎসাহিত কৰিছে ।
ছানফীষ্ট কাপ ফুটবল টুৰ্ণামেণ্ট ২০২২ৰ ষষ্ঠ সংস্কৰণৰ সফল সামৰণি লগতে তেওঁ কয় যে ফুটবল সদায়ে দেশৰ আটাইতকৈ জনপ্ৰিয় ক্ৰীড়াসমূহৰ ভিতৰত এটা আৰু ছানফীষ্ট কাপৰ দৰে এখন মঞ্চই ফুটবল অনুৰাগীসকলক অতি কম বয়সৰ পৰাই খেলখন গ্ৰহণ কৰিবলৈ উৎসাহিত কৰাত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই আহিছে । ছানফীষ্ট বাউন্সে ক্ৰীড়াৰ প্ৰচাৰৰ বাবে সমগ্ৰ দেশৰ প্ৰায় ১০ হাজাৰ বিদ্যালয়ত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে।
সংবাদমেলত কিংবদন্তী ভাৰতীয় ফুটবলাৰ বাইচুং ভুটিয়াই (Legendary Indian footballer baichung bhutia) কয় যে তৃণমূল পৰ্যায়ত ফুটবল প্ৰতিভাৰ প্ৰচাৰ আৰু প্ৰতিপালন কৰা ছানফীষ্ট কাপৰ সৈতে জড়িত হোৱাটো আনন্দৰ বিষয় । উত্তৰ-পূৰ্বাঞ্চল সদায়ে ভাৰতত ক্ৰীড়া উৎসাহীসকলৰ বাবে এক কেন্দ্ৰবিন্দু হৈ আহিছে । ছানফীষ্টে শিশুসকলক পেশাদাৰী পৰ্যায়ত তেওঁলোকৰ ফুটবল দক্ষতা প্ৰদৰ্শন কৰিবলৈ সঠিক মঞ্চ প্ৰদান কৰি আহিছে । তেওঁ আশা প্ৰকাশ কৰে যে আগন্তুক দিনত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰতিভাধৰ খেলুৱৈসকল ইয়াৰ মাজৰ পৰাই ওলাই আহিব ।
লগতে পঢ়ক:India vs England: ছেমি ফাইনেলতে যাত্ৰা সামৰিলে টীম ইণ্ডিয়াই