গুৱাহাটী, 9 মাৰ্চ : হাটীগাঁও আৰক্ষীৰ অভিযানত আটক হ'ল ছয়জনীয়া এটা বৃহৎ চোৰৰ দল ৷ দেওবাৰে নিশা হাটীগাঁও আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি হাটীগাঁও অঞ্চলৰ পৰা ছয়জনীয়া এটা বৃহৎ চোৰৰ দলক আটক কৰিবলৈ সক্ষম হয় ৷ ছয়জনীয়া চোৰৰ দলৰ পৰা কেইবাটাও মোবাইল ফোন, দুখন স্কুটি, বিভিন্ন সা-সৰঞ্জামৰ লগতে বহু আপত্তিজনক নথি-পত্ৰও জব্দ কৰিবলৈ সক্ষম হয় ৷ উল্লেখ্য যে, এই ছয়জনীয়া দলটোৰ চাৰিজনেই নাবালক বুলি জানিব পৰা গৈছে ৷
হাটীগাঁও আৰক্ষীৰ অভিযানত আটক ছয়জনীয়া চোৰৰ দল - ছয়জনীয়া চোৰৰ দল আটক
হাটীগাঁৱত আটক হৈছে ছয়জনীয়া চোৰৰ দল ৷ দলটোৰ পৰা বহু সংখ্যক সামগ্ৰী উদ্ধাৰ হৈছে ৷
![হাটীগাঁও আৰক্ষীৰ অভিযানত আটক ছয়জনীয়া চোৰৰ দল হাটীগাঁও আৰক্ষীৰ অভিযান](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6349462-thumbnail-3x2-th-2.jpg)
ছয়জনীয়া চোৰৰ দল আটক
হাটীগাঁৱত ছয়জনীয়া চোৰৰ দল আটক
হাতীগাঁও আৰক্ষীয়ে এই সম্পৰ্কে এটা গোচৰ ৰুজু কৰাৰ লগতে দিব্য জ্যোতি ডেকা ওৰফে পেঞ্চিল, সঞ্জু স্বৰ্গীয়াৰীৰ লগতে আন চাৰিজনক আটক কৰি তদন্ত অব্যাহত ৰাখিছে ৷
আৰু পঢ়ক : খহনীয়াগ্ৰস্ত মাজুলীবাসীৰ হুমুনিয়াহবোৰ কোনে শুনিব !
Last Updated : Mar 9, 2020, 4:50 PM IST