গুৱাহাটী, ৬ মাৰ্চ :দুঃস্বপ্নই এতিয়াও ভাৰাক্ৰান্ত কৰি ৰখা একোটা মন, কিছুমান ভয়ংকৰ অভিজ্ঞতা আৰু ভাগৰুৱা একোটা শৰীৰ লৈ শেষ নিশা ভাৰতত আহি ভৰি দিলেহি অসমৰ ছয় গৰাকী শিক্ষাৰ্থীয়ে । কেন্দ্ৰীয় চৰকাৰে ইউক্ৰেইনত আৱদ্ধ হৈ থকা ভাৰতীয় সকলক উদ্ধাৰৰ বাবে বিৰামহীনভাবে চলাই থকা অপাৰেশ্যন গংগাৰ (Operation Ganga) অধীনত মাতৃভূমিলৈ ঘূৰি আহিবলৈ সক্ষম হ'ল এই ছয় গৰাকী অসমৰ শিক্ষাৰ্থী (Six students from Assam returned from Ukraine)। ভাৰতীয় সময় অনুসৰি পুৱতি নিশা প্ৰায় ৩ বজাত দিল্লীৰ ইন্দিৰা গান্ধী আন্তৰ্জাতিক বিমান বন্দৰত আহি উপস্থিত হয় গুৱাহাটীৰ ভাস্বতী গোস্বামী, নলবাৰীৰ মৃগাক্ষী কলিতা আৰু নগাঁৱৰ ছাদ্দাম হুছেইন নামৰ শিক্ষাৰ্থী তিনিগৰাকী ।
ইয়াৰ প্ৰায় ডেৰ ঘন্টা পিছত পুৱতি নিশা প্ৰায় ৪.৩০ বজাত দিল্লীৰ বিমান বন্দৰত অৱতৰণ কৰে ভাৰত চৰকাৰৰ আন এখন উদ্ধাৰকাৰী বিমান । সেইখন বিমানত সুকলমে আহি ভাৰতত ভৰি দিয়েহি অসমৰ আন তিনিগৰাকী শিক্ষাৰ্থীয়ে । তেওঁলোক হ'ল ক্ৰমে নগাঁৱৰ মুমশ্বাদ হুজেইফ উদ্দিন আহমেদ আৰু নয়নজ্যোতি দাস আৰু গুৱাহাটীৰ স্নেহা ডেকা ।