গুৱাহাটী, ২৭ ফেব্ৰুৱাৰী :আজি অৰ্থাৎ দেওবাৰৰ দুপৰীয়া পৰ্যন্ত অসমৰ ছয়গৰাকী শিক্ষাৰ্থীয়ে যুদ্ধ জৰ্জৰ ইউক্ৰেইন এৰি নিৰাপদে আহি ভাৰতত অৱতৰণ কৰে । অসম চৰকাৰে অহৰ্নিশে চলাই থকা তৎপৰতাৰ পিছত যোৱা নিশা ইউক্ৰেইনৰ পৰা আহি মুম্বাইত অৱতৰণ কৰা তন্ময়ী পৰাশৰ আৰু ছিয়া দাস নামৰ শিক্ষাৰ্থী দুগৰাকী আজি আহি গুৱাহাটীত উপস্থিত হয় ।
আনহাতে, যুদ্ধবিধ্বস্ত দেশখনত অধ্যয়নসূত্ৰে বসবাস কৰি অহা আৰু চাৰিগৰাকী শিক্ষাৰ্থীক নিৰাপদে আৰু সুকলমে দেওবাৰে লৈ অহা হয় দিল্লীলৈ । আজি আহি নিৰাপদে দিল্লীত উপস্থিত হোৱা অসমৰ এই চাৰিগৰাকী শিক্ষাৰ্থী হ'ল ক্ৰমে গুৱাহাটীৰ ডেইজী বসুমতাৰী আৰু কৃতিকা বসন্ত, গহপুৰৰ অনুৰাগ ভূঞা আৰু শুৱালকুছিৰ হিমাশ্ৰী কাকতি । আজি এই চাৰিগৰাকী আৰু যোৱা নিশা আহি উপস্থিত হোৱা দুগৰাকী শিক্ষাৰ্থীকে ধৰি এই পৰ্যন্ত চৰকাৰী প্ৰচেষ্টাত ছয়গৰাকী শিক্ষাৰ্থীকহে অসমলৈ উদ্ধাৰ কৰি অনা হ'ল (Six students studying in ukraine reached Assam) ।