অসম

assam

ETV Bharat / state

ভূমি জালিয়াতি গোচৰত ৬ জনক গ্ৰেপ্তাৰ - Kamrup police encounter

গুৱাহাটীৰ ভূমি জালিয়াতি গোচৰৰ তদন্তত বুধবাৰে অন্য ৬ জনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ।

land fraud case
ভূমি জালিয়াতি গোচৰত ৬ জনক গ্ৰেপ্তাৰ

By ETV Bharat Assamese Team

Published : Nov 29, 2023, 9:22 AM IST

গুৱাহাটী, ২৯ নৱেম্বৰ: গুৱাহাটীৰ ভূমি জালিয়াতি গোচৰৰ তদন্তত ন ন তথ্য পোহৰলৈ আহিছে ৷ মহানগৰ আৰক্ষীৰ চাইবাৰ কোষে ভূমি জালিয়াতি গোচৰত ইতিমধ্যে মুঠ ১১ জনক গ্ৰেপ্তাৰ কৰিছে। ইয়াৰে পাঁচজন গুৱাহাটীৰ উপ-পঞ্জীয়কৰ কাৰ্যালয়ৰ কৰ্মচাৰী বুলি জানিব পৰা গৈছে । প্ৰথমে মণ্ডল দালালসহ গুৱাহাটী উপ-পঞ্জীয়কৰ কাৰ্যালয়ৰ কৰ্মচাৰী ৫ জনক গ্ৰেপ্তাৰ কৰাৰ পাচতে বুধবাৰে অন্য ৬ জনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ।

এই কৰ্মচাৰীসকলৰ ভিতৰত এজন গৃহৰক্ষী জোৱানো আছে বুলি জানিব পৰা গৈছে। পংকজ দাস নামৰ এই গৃহৰক্ষী জোৱানজনে বিগত দহ বছৰে উপ-পঞ্জীয়কৰ কাৰ্যালয়ত ৰেকৰ্ড ৰুমৰ সুৰক্ষাৰ দায়িত্বত নিয়োজিত হৈ আছিল। মহানগৰ আৰক্ষীৰ চাইবাৰ কোষে ভূমি জালিয়াতি গোচৰত কামৰূপ মহানগৰ জিলাৰ উপ-পঞ্জীয়কৰ কাৰ্যালয়ৰ 'এক্সট্রা ৰাইটাৰ' সদয় কুমাৰ ডেকা (৩৯), আন এগৰাকী 'এক্সট্রা ৰাইটাৰ' দেৱাশিস বৰুৱা (৩৭), দিছপুৰ ৰাজহ চক্ৰৰ ঠিকা ভিত্তিত ডাটা এন্ট্রী অ’পাৰেটৰ দীপাংকৰজ্যোতি কলিতা (৩৮), উপ-পঞ্জীয়কৰ কাৰ্যালয়ৰ গৃহৰক্ষী জোৱান পংকজ দাস (৩৬), উপ-পঞ্জীয়কৰ কাৰ্যালয়ৰ পিয়ন নয়ন কলিতা (৩৯) আৰু আন এগৰাকী পিয়ন নিৰঞ্জন কলিতা (৪৮) ক গ্ৰেপ্তাৰ কৰিছে।

এই চক্রটোৱে একাংশ অধিবক্তাৰ সৈতে মিলি ভূ-মাফিয়া চক্রক মাটিৰ তথ্য আদি প্রদান কৰাৰ লগতে জালিয়াতি কৰাত সহযোগ কৰি আহিছিল। চাইবাৰ কোষৰ দলে মঙলবাৰে নিশা পিয়ন নিৰঞ্জন কলিতাৰ নলবাৰীৰ বাসগৃহত তালাচী চলাইছে।

লক্ষণীয় যে, মহানগৰ আৰক্ষীয়ে গুৱাহাটীৰ ভূ-মাফিয়াৰ বিৰুদ্ধে তীব্র অভিযান অব্যাহত ৰাখিছে। এই অভিযানৰ অংশ হিচাপে যোৱা ২৬ নৱেম্বৰৰ নিশা গুৱাহাটীৰ লালুংগাঁৱত আৰক্ষীৰ এনকাউণ্টাৰত আহত হৈছে ৰমেন মদাহি নামৰ ভূ-মাফিয়া এটা।

উল্লেখ্য যে, আৰক্ষীয়ে ভূ-মাফিয়া তাপস চৌধুৰী, দিছপুৰ ৰাজহ চক্ৰৰ অস্থায়ী ডাটা এন্ট্রী অপাৰেটৰ ধ্রুবজ্যোতি বর্মন, লাটমণ্ডল বাপধন দাস, উপ-পঞ্জীয়কৰ কাৰ্যালয়ৰ কনিষ্ঠ সহায়ক নিতুল দাস আৰু এনকাউণ্টাৰত আহত ৰমেন মদাহিক গ্ৰেপ্তাৰ কৰিছিল।

লগতে পঢ়ক:গছ কাটি উৰণ সেতু নিৰ্মানৰ বিৰোধিতা, শিক্ষাৰ্থীয়েও দিলে চৰকাৰক পৰামৰ্শ

ABOUT THE AUTHOR

...view details