গুৱাহাটী, ১৪ নৱেম্বৰ : যিমানেই ২০২৪ ৰ লোকসভা নিৰ্বাচনৰ সময় চমু চাপি আহিছে সিমানেই মুখ্যমন্ত্ৰীকে ধৰি বিজেপিৰ নেতা, মন্ত্ৰী-বিধায়কৰ দাবী যে অসমত এইবাৰ ১৪ আসনৰ ভিতৰত ১১তকৈ অধিক আসন লাভ কৰিব বিজেপিয়ে ৷ কিন্তু ২০২৪ক লৈ বিজেপিৰ অংক কি ? বিজেপিৰ শেহতীয়া সমীকৰণ কি ? এই লৈ ব্যাপক চৰ্চা আৰম্ভ হৈছে ৰাজ্যজুৰি ৷ কিয়নো ইতিমধ্যে বিজেপিৰ অসমৰ ৰাজনৈতিক অংকত প্ৰৱেশ ঘটিছে বিপিএফৰ ৷
এইবাৰ লোকসভা নিৰ্বাচনত ইমান দিনে ১১ টা সমষ্টিত বিজেপিয়ে নিজৰ প্ৰাৰ্থী থিয় কৰাব বুলি ঘোষণা কৰি আহিছিল যদিও শেহতীয়া পৰিস্থিতি সাপেক্ষে নতুনকৈ কিছু চিন্তা চৰ্চা কৰা আৰম্ভ কৰিছে । স্বাভাৱিকতে প্ৰশ্ন উঠিছে অসমত বিজেপিয়ে মুঠ কেইখন আসনত নিজে প্ৰতিদ্বন্দিতা কৰিব ? কেইখন আসন মিত্ৰজোঁটৰ বাবে এৰি দিব ? মিত্ৰজোঁটত অগপ-UPPL-AGPৰ উপৰিও বিপিএফৰো প্ৰৱেশ ঘটিব নেকি ? তেতিয়া সমীকৰণ কি হ’ব বিজেপিৰ ?
বৰ্তমান অসমৰ ১৪ খন লোকসভাৰ আসনৰ ভিতৰত ৯ খন বিজেপিৰ দখলত ৷ কংগ্ৰেছৰ দখলত ৩ খন, AIUDF ৰ দখলত ১খন আৰু ১ খন গণ সুৰক্ষা পাৰ্টীৰ দখলত ৷ বিজেপিয়ে কোন কেইখন আসনত এইবাৰ প্ৰতিদন্দিতা কৰিব ? কাক কাক প্ৰাৰ্থিত্ব দিব বিজেপিয়ে ? পূৰ্বৰ কোন কোন সাংসদ এইবাৰ বঞ্চিত হ’ব প্ৰাৰ্থিত্বৰ পৰা ?
লোকসভা সমষ্টিৰ প্ৰাৰ্থিত্বক লৈ আৰম্ভ হোৱা নতুন সমীকৰণ অনুসৰি বিজেপিয়ে বিপিএফক লৈ নতুনকৈ চিন্তা কৰিছে । কোকৰাঝাৰ আসনখন UPPL ক দিলেও জয়ৰ বাবে জৰুৰী বড়ো ভোটৰ বিভাজন নোহোৱাটো ৷ বিপিএফৰ সমৰ্থন নহ’লে প্ৰায় সেয়া সম্ভৱপৰ নহয় ৷ সেয়ে নতুনকৈ গঠিত দৰং-ওদালগুৰি সমষ্টিটো বিজেপিয়ে বিপিএফক এৰি দিয়াৰ সম্ভাৱনাই বেছি ৷ বিপিএফ যদি বিজেপিৰ মিত্ৰ হয়গৈ তেতিয়া বৰ্তমান লুপ্ত হোৱা মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া দৰং-ওদালগুৰি সমষ্টিত বঞ্চিত হ’ব ৷ তেনে পৰিস্থিতিত বৰপেটা সমষ্টিৰ পৰা দিলীপ শইকীয়াক হয়তো প্ৰক্ষেপ কৰিব পাৰে বিজেপিয়ে ।
ইয়াৰ বিপৰীতে বৰপেটা লোকসভা সমষ্টিটো দাবী কৰি আহিছে মিত্ৰদল অগপই । এনে পৰিস্থিতিত অনিশ্চিত হৈ পৰিছে দিলীপ শইকীয়াৰো প্ৰাৰ্থিত্ব ৷ আনহাতে দুজনকৈ বিজেপি সাংসদে এইবাৰ লোকসভালৈ যাবলৈ বিশেষ আগ্ৰহী নহয় ৷ তাৰে প্ৰথমজন হ’ল তেজপুৰ সমষ্টিৰ পল্লৱলোচন দাস ৷ ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে বিজেপিলৈ অহা কেইবাজনো ৰাজ্যত মন্ত্ৰী হ’ল । সেয়ে মন্ত্ৰী হোৱাৰ ইচ্ছাৰে এইবাৰ পল্লৱলোচন দাসৰ ৰাজ্যৰ ৰাজনীতিলৈ উভতি আহিবৰ মন । সেয়ে বিজেপিয়ে এতিয়া তেজপুৰৰ ঠাইত শোণিতপুৰ হোৱা লোকসভা আসনখনত পল্লৱ লোচনৰ ঠাইত আন প্ৰাৰ্থী প্ৰক্ষেপ কৰাটো প্ৰায় নিশ্চিত ।
পল্লৱলোচনৰ ঠাইত শোণিতপুৰত বিজেপিয়ে অগপৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিব বুলি ব্যাপক চৰ্চা আৰম্ভ হৈছে ৷ শোণিতপুৰৰ কোনো এজন বিধায়কক লোকসভালৈ পঠিয়াই সেই সমষ্টিৰ পৰা পল্লৱলোচনক জয়ী কৰাই অনাৰ সমীকৰণো চৰ্চিত হৈছে ৷