অসম

assam

ETV Bharat / state

কোন জিলাৰ ক'ত ক'ত সম্পন্ন হ'ব COVID-১৯ৰ টীকাকৰণ প্ৰক্ৰিয়া? - COVID-১৯ৰ টীকাকৰণ প্ৰক্ৰিয়া

অসমৰ ৩৩ খন জিলাৰ ৬৫টা স্থানত সম্পন্ন হ'ব COVID-১৯ৰ টীকাকৰণ প্ৰক্ৰিয়া । ১৬ জানুৱাৰীৰ পুৱা ১০.৩০ বজাৰ পৰা টীকাকৰণ প্ৰক্ৰিয়া আৰম্ভ হ'ব ।

অসমৰ ৩৩ খন জিলাৰ ৬৫টা স্থানত সম্পন্ন হ'ব COVID-১৯ৰ টীকাকৰণ প্ৰক্ৰিয়া
অসমৰ ৩৩ খন জিলাৰ ৬৫টা স্থানত সম্পন্ন হ'ব COVID-১৯ৰ টীকাকৰণ প্ৰক্ৰিয়া

By

Published : Jan 15, 2021, 8:11 PM IST

গুৱাহাটী, ১৫ জানুৱাৰী: ১৬ জানুৱাৰীৰ পুৱা ১০.৩০ বজাৰ লগে লগে অসমৰ ৩৩ খন জিলাৰ ৬৫টা স্থানত আৰম্ভ হ'ব COVID-১৯ৰ প্ৰতিষেধক প্ৰদানৰ কাৰ্যসূচী । এই ৬৫টা স্থানৰ ভিতৰত আছে বাক্সাৰ বৰমা স্বাস্থ্য কেন্দ্ৰ, ডাঃ ৰবি বড়ো হাস্পতাল, বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল, বৰপেটা অসামৰিক চিকিৎসালয় আৰু বৰপেটাৰোড স্বাস্থ্য কেন্দ্ৰ ।

অসমৰ ৩৩ খন জিলাৰ ৬৫টা স্থানত সম্পন্ন হ'ব COVID-১৯ৰ টীকাকৰণ প্ৰক্ৰিয়া

বিশ্বনাথ মহকুমা চিকিৎসালয়, বঙাইগাঁও অসামৰিক চিকিৎসালয়, বঙাইগাঁও মডেল হাস্পতাল, মাণিকপুৰ মডেল হাস্পতাল, কাছাৰৰ এছ এন দেৱ অসামৰিক চিকিৎসালয়, শিলচৰ চিকিৎসা মহাবিদ্যালয়, চৰাইদেউৰ সোণাৰিৰ মহকুমা চিকিৎসালয়, চিৰাঙৰ জে এছ বি অসামৰিক চিকিৎসালয়তো সম্পন্ন হ'ব টীকাকৰণ প্ৰক্ৰিয়া ।

অসমৰ ৩৩ খন জিলাৰ ৬৫টা স্থানত সম্পন্ন হ'ব COVID-১৯ৰ টীকাকৰণ প্ৰক্ৰিয়া

COVID-১৯ৰ প্ৰতিষেধক প্ৰদানৰ কাৰ্যসূচী দৰঙৰ মঙলদৈ জিলা হাস্পতাল, ছিপাঝাৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ, ধেমাজি অসামৰিক চিকিৎসালয়, গোগামুখ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ, ধুবুৰী অসামৰিক চিকিৎসালয়তো শনিবাৰৰ পুৱাৰ পৰা আৰম্ভ হ'ব ।

গৌৰীপুৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ, ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়, বৰবৰুৱা প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ, ডিমা হাচাওৰ ওমৰাংচ' প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ, হাফলং অসামৰিক চিকিৎসালয়, গোৱালপাৰাৰ ২০০ খন বিচনাযুক্ত হাস্পতাল, চোলাছ হস্পিটাল এণ্ড ৰিচাৰ্ছ চেন্টাৰ, গোলাঘাট জিলা হাস্পতাল, বোকাখাত প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ, হাইলাকান্দিৰ এছ কে ৰয় অসামৰিক চিকিৎসালয়, হোজাইৰ যোগীজান প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ, লংকা প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত সম্পন্ন হ'ব টীকাকৰণ প্ৰক্ৰিয়া ।

অসমৰ ৩৩ খন জিলাৰ ৬৫টা স্থানত সম্পন্ন হ'ব COVID-১৯ৰ টীকাকৰণ প্ৰক্ৰিয়া

যোৰহাট চিকিৎসা মহাবিদ্যালয়, তিতাবৰ মহকুমা চিকিৎসালয়, কামৰূপ(ম)ৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, মাৰোৱাৰী মেটাৰনিটি হাস্পতাল, সোণাপুৰ জিলা হাস্পতাল, কামৰূপৰ তুলাৰাম বাফনা জিলা হাস্পতাল, আজাৰা প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ, কাৰ্বি আংলঙৰ ডিফু চিকিৎসা মহাবিদ্যালয়, বোকাজান প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ, কৰিমগঞ্জ অসামৰিক চিকিৎসালয়, পাথাৰকান্দি প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰতো প্ৰদান কৰা হ'ব COVID-১৯ৰ প্ৰতিষেধক ।

কোকৰাঝাৰৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়, বালাজান প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ, উত্তৰ লখিমপুৰ অসামৰিক চিকিৎসালয়, বগীনদী প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ, লালুক মডেল হাস্পতাল, মাজুলীৰ গড়মুৰ মহকুমা চিকিৎসালয়, কমলাবাৰী প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ, মৰিগাঁও জিলা হাস্পতাল, নাখলা প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ, নগাঁও জিলা হাস্পতাল, কঠিয়াতলী প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ, নলবাৰীৰ এছ এম কে জিলা হাস্পতাল, ঘগ্ৰাপাৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত ১৬ জানুৱাৰীৰ পৰা টীকাকৰণ প্ৰক্ৰিয়া আৰম্ভ হ'ব ।

শিৱসাগৰ অসামৰিক চিকিৎসালয়, খেলুৱা প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ, শোণিতপুৰৰ তেজপুৰ চিকিৎসা মহাবিদ্যালয়, টি এম এছ হাস্পতাল, ঢেকিয়াজুলি প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ, দক্ষিণ শালমাৰাৰ গাজাৰীকান্দি প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ, তিনিচুকীয়া অসামৰিক চিকিৎসালয়, হাপজান প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ, ওদালগুৰি অসামৰিক চিকিৎসালয়, ওৰাং প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ আৰু পশ্চিম কাৰ্বি আংলঙৰ খেৰণি মডেল হাস্পতাল আৰু ডংকাম'কাম প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰতো সম্পন্ন হ'ব টীকাকৰণ প্ৰক্ৰিয়া ।

লগতে পঢ়ক:কোলাত সন্তান লৈ প্ৰতিবাদ বন্যহস্তীৰ আক্ৰমণত নিহত ব্যক্তিৰ পত্নীৰ

ABOUT THE AUTHOR

...view details