অসম

assam

ETV Bharat / state

দুগ্ধজাত সামগ্ৰীৰ পৰিচিত নাম সীতাজখলা...

মৰিগাঁও জিলাৰ আমলীঘাটৰ "সীতাজখলা" ব্ৰেণ্ড এতিয়া দুগ্ধ আৰু দুগ্ধজাত সামগ্ৰীৰ এক পৰিচিত আৰু জনপ্ৰিয় নাম । মূলতঃ গুৱাহাটী মহানগৰীৰ বজাৰখনক লক্ষ্য হিচাপে বাচি লোৱা সীতাজখলাই সম্প্ৰতি উলুবাৰী,খানাপাৰা আৰু শেহতীয়াকৈ ৰাজগড়ত আৰম্ভ কৰিছে তিনিখনকৈ নিজা বিপণী ৷

By

Published : Jun 17, 2020, 7:57 PM IST

Sitajakhala ILK Evolution guwahati kamrup metro assam etv bharat news
পৰিচিত নাম সীতাজখলা

গুৱাহাটী,১৭ জুন: 1958 চনত জন্ম লোৱা অসমৰ এটা সমবায় সংস্থাই বহু ঘাত-প্ৰতিঘাত অতিক্ৰমি আজিৰ তাৰিখত এক সফল প্ৰতিষ্ঠানৰূপে থিয় দিবলৈ সক্ষম হৈছে । মৰিগাঁও জিলাৰ আমলীঘাটৰ "সীতাজখলা" ব্ৰেণ্ড এতিয়া দুগ্ধ আৰু দুগ্ধজাত সামগ্ৰীৰ এক পৰিচিত আৰু জনপ্ৰিয় নাম । মূলতঃ গুৱাহাটী মহানগৰীৰ বজাৰখনক লক্ষ্য হিচাপে বাচি লোৱা সীতাজখলাই সম্প্ৰতি উলুবাৰী, খানাপাৰা আৰু শেহতীয়াকৈ ৰাজগড়ত আৰম্ভ কৰিছে তিনিখনকৈ নিজা বিপণী ৷

পৰিচিত নাম সীতাজখলা...

প্ৰতিষ্ঠানটোৰ মাৰ্কেটিং এডভাইজাৰ সত্যেন মহন্তই কয় যে,এই সমবায় সংস্থাটোৰ সৈতে পোনপটীয়াকৈ জড়িত হৈ আছে প্ৰায় এহেজাৰ গো-পালক । ইয়াৰ উপৰিও পৰোক্ষভাৱে প্ৰায় পাঁচ হাজাৰ লোক ইয়াৰ সৈতে জড়িত হৈ আছে বুলি মহন্তই প্ৰকাশ কৰে । প্ৰতিদিনে প্ৰায় 10,000 লিটাৰ গাখীৰ গো-পালকসকলৰ পৰা সংগ্ৰহ কৰি সেইসমূহ বিজ্ঞানসন্মত পদ্ধতিৰে পেকেজিঙৰ ব্যৱস্থা কৰে । মন কৰিবলগীয়া যে আজিৰ তাৰিখত সীতাজখলাৰ প্ৰায় ৫০ কোটি টকাৰ ব্যৱসায় চলি আছে । প্ৰায় 100গৰাকী কৰ্মচাৰীয়ে নিতৌ গুৱাহাটী মহানগৰীত সীতাজখলাৰ উৎপাদিত গাখীৰ আৰু দুগ্ধজাত সামগ্ৰী বিতৰণ কৰি আহিছে ।

এডভাইজাৰ গৰাকীয়ে লগতে কয়,সম্প্ৰতি ম’বাইল ভেনৰ জৰিয়তে সীতাজখলাৰ গাখীৰ গুৱাহাটীত বিতৰণৰ ব্যৱস্থা কৰা হৈছে আৰু এই নতুন ব্যৱস্থাপনাত ক্ৰেতাৰ সঁহাৰিও পোৱা গৈছে ব্যাপক ধৰণে । আগন্তুক সময়ত গুৱাহাটীৰ লগতে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰলৈ সীতাজখলাই বজাৰ প্ৰসাৰিত কৰাৰ পৰিকল্পনা কৰিছে ৷

লগতে চাওকঃ39 গৰাকী পত্নীৰে সুখৰ সংসাৰ কাৰ ?

ABOUT THE AUTHOR

...view details