অসম

assam

ETV Bharat / state

APSC কেলেংকাৰীৰ গোচৰত SIT ৰ জেৰাৰ সন্মুখীন হ’ব দুই ACS বিষয়া আকাশী দুৱৰা আৰু ত্ৰিদীপ ৰয় - APSC scam investigation

APS বিষয়া ঐশ্বর্য জীৱন বৰুৱা আৰু শ্বাহজাহান সৰকাৰক APSC কেলেংকাৰীৰ গোচৰত গ্ৰেপ্তাৰ কৰাৰ পিচত এইবাৰ SIT য়ে জাননী জাৰি কৰিছে দুগৰাকী ACS বিষয়া আকাশী দুৱৰা আৰু ত্ৰিদীপ ৰয়ক ৷

SIT issues notice to two ACS officers
SIT issues notice to two ACS officers

By ETV Bharat Assamese Team

Published : Nov 27, 2023, 9:11 PM IST

গুৱাহাটী, ২৭ নৱেম্বৰ: বক্ৰ পথেৰে APSCৰ চাকৰি লোৱা দুই অতিৰিক্ত আৰক্ষী অধীক্ষক ঐশ্বর্য জীৱন বৰুৱা আৰু শ্বাহজাহান সৰকাৰ গ্ৰেপ্তাৰ হোৱাৰ পিছত এইবাৰ দুই ACS বিষয়া আকাশী দুৱৰা আৰু ত্ৰিদীপ ৰয়ৰ পাল ৷ বিশেষ তদন্ত গোট (SIT)ৰ জাননী মতে মঙলবাৰে দুই ACS বিষয়া আকাশী দুৱৰা আৰু ত্ৰিদীপ ৰয় হাজিৰ‌ হ'ব লাগিব SIT ৰ ওচৰত ৷

মঙলবাৰে আকৌ আৰক্ষীৰ জিম্মাৰ পাঁচদিনৰ ম্যাদ শেষ হ'বলগীয়া দুই অতিৰিক্ত আৰক্ষী অধীক্ষক ঐশ্বর্য জীৱন বৰুৱা আৰু শ্বাহজাহান সৰকাৰক SITয়ে সত্ৰ ন্যায়াধীশৰ আদালতত হাজিৰ কৰাব ৷

উল্লেখ্য যে আদালতে দুই অতিৰিক্ত আৰক্ষী অধীক্ষক ঐশ্বর্য জীৱন বৰুৱা আৰু শ্বাহজাহান সৰকাৰক জেললৈ প্ৰেৰণ কৰাৰ‌ সম্ভৱনাই বেছি ৷ দুই অতিৰিক্ত আৰক্ষী অধীক্ষক ঐশ্বর্য জীৱন বৰুৱা আৰু শ্বাহজাহান সৰকাৰ কাইলৈ জেললৈ যোৱাৰ পিছত দুই ACS বিষয়া আকাশী দুৱৰা আৰু ত্ৰিদীপ ৰয় SITৰ জেৰাৰ সম্মুখীন হ'ব ৷‌

ইতিমধ্যে SITয়ে দুই ACS বিষয়া আকাশী দুৱৰা আৰু ত্ৰিদীপ ৰয়ক জেৰা কৰাৰ বাবে সকলো ব্যৱস্থা সাজু কৰি তুলিছে ৷ আৰক্ষীৰ বিশেষ শাখাৰ এক সূত্ৰৰ পৰা‌ জানিব পৰা মতে বক্ৰ পথেৰে APSCৰ চাকৰি লোৱা দুই ACS বিষয়া আকাশী দুৱৰা আৰু ত্ৰিদীপ ৰয় SITৰ সমুখত হাজিৰ হোৱাৰ পিছত বিভিন্ন তথ্য-পাতিৰ আধাৰত গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা অধিক ৷

লক্ষণীয় যে, আকাশী দুৱৰা APSC মেনছ (Mains) পৰীক্ষাত উত্তীৰ্ণ হ'ব পৰা নাছিল ৷ আকাশী দুৱৰা নম্বৰ পাইছিল ৬২০ ৷‌ ৰাকেশ‌ পাল বাহিনীয়ে আকাশী দুৱৰাৰ ২২০ নম্বৰ অনিয়মেৰে বৃদ্ধি কৰি ৮৪০ নম্বৰ কৰি পৰীক্ষাত উত্তীৰ্ণ কৰাইছিল ৷

ইপিনে বক্ৰ পথেৰে APSCৰ চাকৰি লোৱা দুই ACS বিষয়া ত্ৰিদীপ ৰয়ক ৰাকেশ‌ পাল বাহিনীয়ে ত্ৰিদীপ ৰয়ক ৬০ নম্বৰ অনিয়মেৰে বৃদ্ধি কৰি নম্বৰ কৰি পৰীক্ষাত উত্তীৰ্ণ কৰাইছিল ৷ ইতিমধ্যে প্ৰাক্তন ন্যায়াধীশ বিল্পৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদনত এই কথাবোৰ উল্লেখ আছে ৷

ইপিনে SITৰ হাততো দুয়োজন বক্ৰ পথেৰে APSCৰ চাকৰি লোৱা দুই ACS বিষয়া আকাশী দুৱৰা আৰু ত্ৰিদীপৰ অনিয়মৰ তথ্য সাজু আছে বুলি জানিব পৰা গৈছে ৷ আৰক্ষী অধীক্ষক ঐশ্বর্য জীৱন বৰুৱা আৰু শ্বাহজাহান সৰকাৰে SIT ৰ আগত সকলো অনিয়মৰ কথা কৌশল পূৰ্ণভাৱে সদৰী কৰাৰ পৰা বিৰত আছে বুলি খবৰ পোৱা গৈছে ৷ আইনী বিষয়ত অভিজ্ঞ হৈ পৰা বিষয়া দুগৰাকীয়ে শাৰিৰীক অসুস্থতাৰ দোহাই দি SITৰ জেৰাৰ‌ পৰা আঁতৰি থকাৰ চেষ্টা চলায় আছে ৷

লগতে পঢ়ক:২০১৭ চনতে দোষী প্ৰমাণিত হৈয়ো কিয় গ্ৰেপ্তাৰ হোৱা নাছিল ঐশ্বর্য জীৱন বৰুৱা আৰু শ্বাহজাহান সৰকাৰ ?

ABOUT THE AUTHOR

...view details