গুৱাহাটী, ২০ নৱেম্বৰ: বক্ৰ পথেৰে APSCৰ পৰীক্ষাত উত্তীৰ্ণ হৈ চাকৰি লোৱা ৩৪ ৰাজপত্ৰিত বিষয়াৰ বিপদ ঘনীভূত হৈছে । গুৱাহাটী উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপৰ পাছত ৰাজ্য চৰকাৰে APSC কেলেংকাৰীৰ তদন্তৰ বাবে গঠন কৰা বিশেষ তদন্ত গোট (SIT)-এ ২০১৫ চনৰ এই ৩৪ বিষয়াৰ বাছনিৰ ক্ষেত্ৰত সংঘটিত অনিয়মৰ তথ্য-পাতি লাভ কৰিছে ।
উল্লেখ্য যে কিছুদিন পূৰ্বে অসম চৰকাৰে APSCৰ ২০১৩ বৰ্ষৰ ACS, APS আৰু অন্যান্য সেৱাৰ বাবে নির্বাচিত ৩৪জন বিষয়াৰ বিৰুদ্ধে বিভাগীয় পদক্ষেপ গ্ৰহণ কৰা কথা অসম চৰকাৰৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে সদৰী কৰিছিল। ন্যায়াধীশ বি কে শৰ্মা আয়োগৰ প্ৰতিবেদনৰ আধাৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশনা মৰ্মে চৰকাৰে এই উদ্যোগ গ্ৰহণ কৰাৰ কথা সদৰী কৰিছিল ।
২০১৩ চনত পৰীক্ষাত অৱতীৰ্ণ আৰু ২০১৫ চনত বাছনি লাভ কৰা এই বিষয়াসকলৰ বাছনিত সংঘটিত বিসংগতি APSC কেলেংকাৰীৰ ন্যায়িক তদন্ত কৰা ন্যায়াধীশ (অৱসৰপ্ৰাপ্ত) বিপ্লৱ কুমাৰ শৰ্মাৰ প্ৰতিবেদনত আঙুলিয়াই দিয়া হৈছিল । এই প্ৰতিবেদনৰ পৰৱৰ্তী সময়ত ৰাজ্য চৰকাৰে CIDৰ অতিৰিক্ত সঞ্চালক প্ৰধান মুন্না প্ৰসাদ গুপ্তাৰ নেতৃত্বত আৰু মহানগৰ আৰক্ষীৰ যুটীয়া আয়ুক্ত (অপৰাধ) প্ৰতীক বিজয় থুবেক মুখ্য তদন্তকাৰী বিষয়া হিচাপে লৈ ছজনীয়া SIT গঠন কৰে ।
আদালতৰ অনুমতি সাপেক্ষে ইতিমধ্যে প্ৰাৰ্থী (বিষয়া)কেইজনৰ APSCৰ পৰীক্ষাৰ উত্তৰবহী আৰু পৰীক্ষা সংক্ৰান্তীয় APSC ৰ অন্য নথি-পত্ৰ পৰীক্ষা কৰি SIT এ তেওঁলোকৰ বিৰুদ্ধে যথেষ্ট আপত্তিজনক আৰু সন্দেহ সৃষ্টিকাৰী তথ্য লাভ কৰাৰ কথা জানিব পৰা হৈছে ।
মন কৰিবলগীয়া যে ন্যায়িক তদন্ত আয়োগে বাছনিত বিসংগতি ধৰা পেলোৱা এই ৩৪ জন বিষয়াৰ বহুকেইজনৰ উত্তৰবহী আৰু তেওঁলোকৰ নাম-নম্বৰ সম্বলিত টেবুলেচন শ্বীট APSC কেলেংকাৰীৰ গোচৰৰ পূৰ্বৰ তদন্তকাৰী বিষয়াই আয়োগৰ তদানীন্তন অধ্যক্ষ ৰাকেশ পালৰ বাসগৃহৰ পৰা জব্দ কৰিছিল ।