গুৱাহাটী, ২৩ নৱেম্বৰ : এতিয়া যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে বক্ৰ পথেৰে এ পি এছ চিৰ পৰীক্ষাত উত্তীৰ্ণ হৈ চাকৰি লোৱা ৩৫ ৰাজপত্ৰিত বিষয়া । ইতিমধ্যে বক্ৰ পথেৰে এ পি এছ চিৰ পৰীক্ষাত উত্তীৰ্ণ হৈ চাকৰি লোৱা ৩৫ ৰাজপত্ৰিত বিষয়াৰ ছাহজাহান সৰকাৰ, ঐশ্বৰ্য জীৱন বৰুৱাক মঙলবাৰে গ্ৰেপ্তাৰ কৰিছে ।
বৰ্তমান ছাহজাহান সৰকাৰ, ঐশ্বৰ্য জীৱন বৰুৱা আৰক্ষীৰ জিম্মাত আছে । কাহিলীপাৰাত ৰখা ছাহজাহান সৰকাৰ, ঐশ্বৰ্য জীৱন বৰুৱাৰ বিশেষ তদন্ত গোট (এছ আই টি) য়ে মাৰাথান জেৰা অব্যাহত ৰাখিছে । আজি এছ আই টিৰ মুখ্য তদন্তকাৰী বিষয়া মহানগৰ আৰক্ষীৰ যুটীয়া আয়ুক্ত (অপৰাধ) প্ৰতীক থুবে আজি বিয়লি বিশেষ সত্ৰ নায়াধীশৰ আদালতত হাজিৰ হয় ।
তেওঁ ধৃত ছাহজাহান সৰকাৰ, ঐশ্বৰ্য জীৱন বৰুৱাৰ হস্তাক্ষৰৰ নমুনা সংগহৰ অনুমতি বিচাৰি বিশেষ সত্ৰ নায়ধীশৰ আদালতত আবেদন কৰিছিল । এই আৱেদন আদালতে গৃহিত কৰি ছাহজাহান সৰকাৰ, ঐশ্বৰ্য জীৱন বৰুৱাৰ হস্তাক্ষৰৰ নমুনা সংগহৰ অনুমতি প্ৰদান কৰে । এতিয়া এছ আই টিয়ে ছাহজাহান সৰকাৰ, ঐশ্বৰ্য জীৱন বৰুৱাৰ হস্তাক্ষৰৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষা কৰাৰ বাবে ফৰেনছিক গৱেষণাগাৰলৈ প্ৰেৰণ কৰিব ।
ইপিনে আদালতৰ সম্মুখত সাংবাদিকে এছ আই টিৰ মুখ্য তদন্তকাৰী বিষয়া মহানগৰ আৰক্ষীৰ যুটীয়া আয়ুক্ত (অপৰাধ) প্ৰতীক থুবেক সোধা প্ৰশ্ন উত্তৰত কয় যে কোনো এজন অভিযুক্ত সাৰি নায়ায় । আৰক্ষীয়ে সঠিকভাৱে তদন্ত কৰি আছে । সকলো তথ্য পাতি আৰক্ষীয়ে সংগ্ৰহ কৰিছে । সোনকালে আৰু নতুন খবৰ পোৱা যাব বুলি তেওঁ সদৰী কৰে ।