গুৱাহাটী, 21 নৱেম্বৰঃপ্লাষ্টিকৰ ভয়াৱহ প্ৰদূষণে গ্ৰাস কৰিছে সকলোতে ৷ যি সময়ত চিন্তা কৰিব লাগিছিল সেই সময়ত কৰা নহ'ল,তথাপিও বিশ্ব আজি প্লাষ্টিকৰ অপকাৰিতাক লৈ সন্ত্ৰষ্ট ৷ দেশত প্লাষ্টিকৰ বিৰুদ্ধে যিমানেই সজাগতা চলিছে তাৰ বিপৰীত দৃশ্যহে দেখা গৈছে ৰাজধানী গুৱাহাটীত ৷ চৰকাৰ,স্বেচ্ছাসেৱী সংগঠন,সংবাদ মাধ্যমে প্লাষ্টিকৰ ব্যৱহাৰ ৰোধ কৰাৰ বাবে উঠি পৰি লাগিলেও একাংশ লোকৰ এতিয়াও সুমতি হোৱা নাই ৷ গুৱাহাটী মহানগৰীত কোনেও নামানে নিয়ম ৷ চৰকাৰৰ নিষেধাজ্ঞা সত্বেও বজাৰত,ব্যৱসায়িক প্ৰতিষ্ঠান সমূহত ব্যৱসায়ী সকলে গ্ৰাহকক দি আছে প্লাষ্টিকৰ মোনা ৷ কিন্তি কাকনো বুলিবা ককা সকলোৰে দাঢ়ি চুলি পকাৰ দৰে গ্ৰাহকসকলেও আনন্দ মনেৰে ব্যৱহাৰ কৰিছে এবাৰ ব্যৱহৃত (Single Used Plastic) প্লাষ্টিকৰ মোনা ৷
গুৱাহাটীত এতিয়াও চলি আছে প্লাষ্টিকৰ ব্যৱহাৰ - মহানগৰীৰ গণেশগুৰি
চৰকাৰৰ নিষেধাজ্ঞা সত্বেও বজাৰত,ব্যৱসায়িক প্ৰতিষ্ঠান সমূহত ব্যৱসায়ী সকলে গ্ৰাহকক দি আছে প্লাষ্টিকৰ মোনা ৷ গুৱাহাটীৰ মাজমজিয়াতে চলি আছে প্লাষ্টিকৰ মোনাৰ ব্যৱহাৰ ৷ কাক ক'ব কোনে মানিব চৰকাৰৰ নিষেধাজ্ঞা ৷

গুৱাহাটীতে এতিয়াও চলি আছে প্লাষ্টিকৰ ব্যৱহাৰ
গুৱাহাটীতে এতিয়াও চলি আছে প্লাষ্টিকৰ ব্যৱহাৰ
লগতে পঢ়কঃ
Last Updated : Nov 21, 2019, 11:39 PM IST