গুৱাহাটী, 20 নৱেম্বৰ: সামাজিক মাধ্যমত কিছুদিন পূৰ্বে ভাইৰেল হৈছিল কেইখনমান ফটো । য’ত অভিনেতা উদয়ন দুৱৰা আৰু অভিনেত্ৰী অমৃতা গগৈক হাস্পতালৰ বিচনাত শুই থকা দেখা গৈছিল । ফটো কেইখন দেখি বহুতে অনুমান কৰিছিল যে সেয়া নিশ্চয় অভিনেত্ৰী অমৃতা গগৈক আৰু অভিনেতা উদয়ন দুৱৰাৰ আহিবলগীয়া কোনো ছবি বা চিৰিয়েলৰ প্ৰমোচনৰ ফটো । আজি আমি জনাম সেই ফটো কেইখনৰ আঁৰৰ আচল কথা ।
দৰাচলতে হাস্পতালৰ বিচনাত শুই থকা অভিনেতা উদয়ন দুৱৰা আৰু অভিনেত্ৰী অমৃতা গগৈৰ সেয়া আছিল এটা গীতৰ ভিডিঅ’ শ্বুটিঙৰ ক্লিপ । জনপ্ৰিয় কণ্ঠশিল্পী সুবাসনা দত্তৰ গীত "এহেজাৰ সপোন"ৰ সেয়া এটা দৃশ্যাংশ । গীতটো অতিশীঘ্ৰে আহি আছে দৰ্শকৰ মাজলৈ । অসমীয়া সংগীত ক্ষেত্ৰখনৰ শীৰ্ষত থকা এগৰাকী কণ্ঠশিল্পী হৈছে সুবাসনা দত্ত । শিল্পীগৰাকীৰ প্ৰতিটো গীতেই জনপ্ৰিয় হয় । আকাশে-বতাহে, আপুনি আহিবকে ধৰি বহু কেইটা গীতৰে ৰাইজৰ মন জয় কৰিবলৈ সক্ষম হৈছে । এককথা ক’ব গ’লে কণ্ঠশিল্পীগৰাকীৰ প্ৰতিটো গীতেই অনুৰাগীৰ মাজত সমাদৰ লাভ কৰে ।