গুৱাহাটী, ৬ জানুৱাৰী : সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰ (Simanta Chetana Mancha Purvottar), অসম ৰাজ্যিক সমিতিৰ উদ্যোগত ১০-১২ জানুৱাৰীত গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পত ৰাজ্যিক পৰ্যায়ৰ সীমান্ত ক্ৰীড়া মহোৎসৱ-২৩ অনুষ্ঠিত হ’ব (Simanta Kreera Mahotsav 2023) । ইয়াৰ পূৰ্বে ৰাজ্যৰ ৯খন জিলাৰ আন্তঃৰাষ্ট্ৰীয় সীমাৰেখাৰ পৰা ২০ কিলোমিটাৰ ভিতৰৰ খেলুৱৈৰ মাজত অনুষ্ঠিত জিলা পৰ্যায়ৰ খেলত ৮০০০ খেলুৱৈয়ে অংশগ্ৰহণ কৰে ।
এই প্ৰতিযোগিতাৰ পৰা নিৰ্বাচিত খেলুৱৈসকলক লৈ সৰুসজাইত ৰাজ্যিক পৰ্যায়ৰ সীমান্ত ক্ৰীড়া মহোৎসৱ-২০২৩ অনুষ্ঠিত হ’ব (Simanta Kreera Mahotsav at Sarusajai stadium) । শুকুৰবাৰে গুৱাহাটীত অনুষ্ঠিত এখন সংবাদমেলত উদ্যোক্তাই প্ৰকাশ কৰা অনুসৰি, ৰাজ্যিক পৰ্যায়ৰ সীমান্ত ক্ৰীড়া মহোৎসৱত ১০০, ২০০, ৮০০ আৰু ১৫০০ মিটাৰ দৌৰ, ৪x১০০ মিটাৰ ৰিলে দৌৰ, ওখ জাঁপ (high jump), দীঘল জাঁপ (long jump), শ্বটপুট, জেভেলিন থ্ৰ’, ডিছকাছ থ্ৰ’, ফুটবল আৰু কাবাডী প্ৰতিযোগিতা অনুষ্ঠিত হ’ব ।
আজিৰ সংবাদমেলতে খেলুৱৈৰ জাৰ্চী, ট্ৰেক ছ্যুট আৰু প্ৰতিযোগিতাৰ স্মৃতিগ্ৰন্থৰ বেটুপাত উন্মোচন কৰা হয় । উল্লেখ্য, সীমান্ত ক্ৰীড়া মহোৎসৱত ৰাজ্যৰ ৯ খন জিলাই অংশগ্ৰহণ কৰিব । বাংলাদেশ সীমান্তৰ ধুবুৰী, দক্ষিণশালমৰা, মানকাচৰ, কাছাৰ আৰু কৰিমগঞ্জ; আনহাতে, ভূটান সীমান্তৰ কোকৰাঝাৰ, চিৰাং, বাক্সা, তামুলপুৰ আৰু ওদালগুৰি জিলাই অংশগ্ৰহণ কৰিব ।