গুৱাহাটী,11 ডিচেম্বৰঃজুবিন গাৰ্গ আৰু সীমান্ত শেখৰৰ বিশেষ ঘোষণা ৷ বিজেপি চৰকাৰ আৰু কংগ্ৰেছ চৰকাৰৰৰ বাবে কেতিয়াও গান নাগায় জুবিন গাৰ্গে । কাৰণ দুয়োখন চৰকাৰে প্ৰতাৰণা কৰিলে অসমীয়া ৰাইজক । সীমান্ত শেখৰেও ভৱিষ্যতে কেতিয়াও বিজেপিৰ গান নাগায় কাৰণ অসমৰ ৰাইজৰ আৱেগৰ সৈতে খেলিছে চৰকাৰ খনে । লগতে তেওঁ বিজেপিৰ সমৰ্থক বা বিজেপিৰ সদস্য নহয় বুলি জানিবলৈ দিয়ে কন্ঠশিল্পীগৰাকীয়ে ।
চৰকাৰলৈ হুংকাৰ জুবিন গাৰ্গৰ , অৱশেষত আহিল সীমান্ত শেখৰো - PROTEST AGAINST CAB
ভৱিষ্যতে কেতিয়াও বিজেপি বা কংগ্ৰেছ চৰকাৰৰ হৈ গান নাগায় জুবিন গাৰ্গ আৰু সীমান্ত শেখৰে ৷ ইফালে আছুৰে সৈতে ঐক্যবদ্ধ সংগ্ৰাম শিল্পী সমাজৰ ৷

উল্লেখনীয়ভাৱে শিল্পী সমাজ আৰু ছাত্ৰ সংগঠন আছুৱে কৰিছে ঐক্যবদ্ধ প্ৰতিবাদ । আছু আৰু শিল্পী সমাজে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিছে শ্বহীদ ন্যাসৰ সন্মুখত । আছুৰ উপদেষ্টা সমুজ্জল ভট্টাচাৰ্য আৰু জুবিন গাৰ্গে কেবৰ বিৰুদ্ধে এই প্ৰতিবাদ চলাই যাব বুলি জানিবলৈ দিছে। কেব কেতিয়াও মানি নলয় আৰু বি জে পি চৰকাৰক কেতিয়াও ক্ষমা নকৰে অসমৰ ৰাইজে। অসমত দৰকাৰ হ'লে নতুন ৰাজনৈতিক দল প্ৰতিষ্ঠা কৰা হ'ব বুলি জানিবলৈ দিয়ে জুবিন গাৰ্গে ।সমুজ্জল ভট্টাচাৰ্যই জানিবলৈ দিয়ে যে, অহিংস আৰু শান্তিপূৰ্ণ আন্দোলন কৰক সকলোৱে । অসমৰ ৰাইজ একগোট হৈ এই কেব উফৰাই পেলাব বুলি মন্তব্য কৰে আছু নেতাগৰাকীয়ে ।