অসম

assam

ETV Bharat / state

KMSS press meet :GMDA ৰ অধীক্ষক অভিযন্তা মন্টু বৰাৰ বিৰুদ্ধে সৰৱ কৃষক নেতা - Smart city

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াৰ সংবাদমেল ৷ সংবাদমেলত অভিযন্তা মন্টু বৰাৰ বিৰুদ্ধে সৰৱ বিদ্যুৎ শইকীয়াৰ ৷ ‘কি নিয়মৰ ভিত্তিত প্ৰমোচন‌ দিয়া হ'ল অধীক্ষক অভিযন্তা মন্টু বৰাক ? অভিযন্তা মন্টু বৰাৰ চাকৰি প্ৰকৃততে বৈধ নে !’

Silsako Beel evction update
কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াৰ সংবাদমেল

By

Published : Jun 24, 2023, 9:50 PM IST

Updated : Jun 24, 2023, 10:38 PM IST

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াৰ সংবাদমেল

গুৱাহাটী,24 জুন:গুৱাহাটীখন বানমুক্ত কৰাৰ স্বাৰ্থতে চৰকাৰে খিলঞ্জীয়া লোকক শিলসাঁকো বিলৰ পাৰৰ পৰা খিলঞ্জীয়াক উচ্ছেদ কৰাক লৈ আজিও প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈ আছে ৷ ‘দীৰ্ঘদিন ধৰি শিলসাঁকোৰ বুকুত বসবাস কৰা খিলঞ্জীয়া লোকৰ ঘৰ ভাঙিবলৈ অহা বৰ্তমানৰ জি এম ডি এ ৰ অধীক্ষক অভিযন্তা মন্টু বৰাৰ চাকৰি প্ৰকৃততে বৈধ নে !’

‘পূৰ্বে এগৰাকী অবৈধ ভাৱে ঠিকাভিত্তিক অভিযন্তা হিচাপে নিযুক্ত হোৱা মন্টু বৰা কাৰ আশীৰ্বাদত GMDA ৰ অধীক্ষক অভিযন্তা হ’ল ! কি নিয়মৰ ভিত্তিত প্ৰমোচন‌ দিয়া হ'ল অধীক্ষক অভিযন্তা মন্টু বৰাক ?’

এনেবোৰ বিভিন্ন প্ৰশ্নৰে শনিবাৰে শিলসাঁকোৰ উচ্ছেদস্থলীত উচ্ছেদ প্ৰতিৰোধী ৰাইজক লগত সন্দৰ্ভত সংবাদমেল সম্বোধন কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই ৷ সংবাদমেলত অভিযন্তা মন্টু বৰাৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপন কৰিলে কৃষক নেতাগৰাকীয়ে ৷

‘মন্টু বৰাই gmda ৰ পৰা আগতীয়াকৈ লোৱা ৭০ লাখ ৫২ হাজাৰ টকা চৰকাৰী ধনৰ আজিলৈকে হিচাপ দিব নোৱাৰিলে । অথচ ৰাইজৰ টকা খোৱা মানুহজনে এতিয়া শিলসাঁকোত নাৰায়ণ ডেকাৰ নিৰ্দেশত খিলঞ্জীয়া ঘৰ ভাঙিবলৈ আহে । অভিযন্তা মন্টু বৰা অগাধ সম্পত্তিৰ গৰাকী কেনেকৈ হ’ল !’ সেয়াও সংবাদমেলাত তথ্য সহকাৰে দাঙি ধৰে বিদ্যুৎ শইকীয়াই ।

‘এই গৰাকী দুৰ্নীতিগ্ৰস্ত অভিযন্তা মন্টু বৰাৰ পত্নীৰ নামত ৰাণীত আছে এটা পানীৰ ফেক্টৰী, চাৰ্ভেত আছে বাংলো সদৃশ বৃহৎ ঘৰ, শিলসাঁকোৰ আশে-পাশে বৃহৎ মাটি ক্ৰয় কৰিছে দুৰ্নীতিগ্ৰস্থ অভিযন্তাজনে । সোণাপুৰত ৰিজৰ্ট বনাবৰ বাবে ১৭ বিঘা মাটি ক্ৰয় কৰিছে । কলকাতাত ক্ৰয় কৰিছে এটা ফ্লেট । গেম ভিলেজত ছাংগ্ৰীলা এপাৰ্টমেণ্টত এটা ফ্লেট নিৰ্মাণ কৰি আছে দুৰ্নীতিগ্ৰস্ত অভিযন্তাজনে ।’

৩ বছৰীয়া প্ৰজেক্টৰ বাবে ঠিকাভিত্তিক অভিযন্তা হিচাপে নিযুক্তি পোৱা মন্টু বৰাই ইমান সম্পত্তিৰ গৰাকী কেনেকৈ হ’ল ৷’ মুখ্যমন্ত্ৰীলৈ এই প্ৰশ্ন কৃষক নেতা বিদ্যুৎ শইকীয়াৰ । দুৰ্নীতিগ্ৰস্ত অভিযন্তা মন্টু বৰাৰ লগতে GMDA ৰ CEO জমীন হিলালিকো তদন্তৰ আওতালৈ আনিবলৈ মুখ্যমন্ত্ৰীক দাবী জনায় কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতাগৰাকীয়ে ।

লগতে পঢ়ক:Constituency delimitation:মুখ্যমন্ত্ৰীয়ে আজমলক সুৰক্ষা দিবলৈ আহোমক গোৰ মাৰিলে:অখিল গগৈ

Last Updated : Jun 24, 2023, 10:38 PM IST

ABOUT THE AUTHOR

...view details