অসম

assam

ETV Bharat / state

বৰ্তমান মানুহৰ মাজত এটা ভুল বুজাবুজিৰ সৃষ্টি হৈছেঃ কনকসেন ডেকা - অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কনকসেন ডেকা

জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু বাৰ্ষিকী উপলক্ষে শুকুৰবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰূপকোঁৱৰক স্মৰণ কৰি আয়োজন কৰা হৈছে শিল্পী দিৱস । মহানগৰীৰ মাছখোৱাস্থিত প্ৰাগজ্যোতিষ সাংস্কৃতিক প্ৰকল্পত সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ উদ্যোগত সোঁৱৰণ কৰা হয় সুন্দৰৰ পূজাৰীগৰাকীক ।

গুৱাহাটী
শিল্পী দিৱস পালন

By

Published : Jan 18, 2020, 12:01 AM IST

গুৱাহাটী,17 জানুৱাৰীঃজ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু বাৰ্ষিকী উপলক্ষে শুকুৰবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰূপকোঁৱৰক স্মৰণ কৰি আয়োজন কৰা হৈছে শিল্পী দিৱস । মহানগৰীৰ মাছখোৱাস্থিত প্ৰাগজ্যোতিষ সাংস্কৃতিক প্ৰকল্পত সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ উদ্যোগত সোঁৱৰণ কৰা হয় সুন্দৰৰ পূজাৰীগৰাকীক । এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ৰূপকোঁৱৰৰ সুন্দৰ সমাজ গঢ়াৰ যি স্বপ্ন আছিল তাৰ বিষয়ে বিৱৰণ দাঙি ধৰে বিশিষ্ট সাংবাদিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কনকসেন ডেকাই । সম্প্ৰতি ৰাজ্যত এক ভুল বুজাবুজিৰ ফলত বিশৃংখল পৰিৱেশ চলি থকা বুলি উল্লেখ কৰি এই সমস্যা শীঘ্ৰে সমাধান কৰিব লাগে বুলি কয় বিশিষ্ট সাংবাদিকগৰাকীয়ে ।

শিল্পী দিৱস পালন

অনুষ্ঠানত আয়োজক সংগঠনটোৱে নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত স্থিতি ৰাজহুৱা কৰাৰ পৰা বিৰত থাকে । কিন্তু বছৰ বছৰ ধৰি ভাৰতত থকা লোকসকলক সন্মানজনক ব্যৱহাৰ কৰিব লাগে বুলি এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে সংগঠনটোৰ সভাপতি দীপক দে ।

লগতে চাওকঃমন্ত্ৰীসভাত স্থান লাভৰ পিছত প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ সঞ্জয় কিষাণৰ

ABOUT THE AUTHOR

...view details