নিউজ ডেক্স, 14 এপ্ৰিল :আঘোণৰ পকা নৰা গচকি পুহে আহি ভুমুকি মাৰে । এই পুহৰ নিহালিখনৰ উমতে আহে হেঁপাহৰ ভোগালী । ভোগৰ ভোগজৰাটি কাটি কৰি থৈ পদুলিমুখত উপস্থিত হয়হি বাউলি ফাগুন । বাউলি ফাগুনৰ বোকোচাত উঠি অহা পচোৱাই আঁজুৰি নাঙঠ কৰে চ'তৰ দেহ ৷ চ'তৰ শেষত নঙঠা গছ-বিৰিখত কুঁহিপাত মেলে । যেন যৌৱনৰ মৌবনত তেজী ঘোঁৰা চেঁকুৰোৱাৰ সময় সমাগত । নৱযৌৱনা, সদ্য পুষ্পিতা কিশোৰীৰ দৰে সেউজ সপোনৰ উন্মেষ ঘটে প্ৰকৃতিৰ লাৱণী শৰীৰত । তাৰেই আলিংগনত হৃদয়ৰ গীত জোৰে কুলী-কেতেকীয়ে ।
কপৌ-তগৰ-যুতি-মালিকাই সুবাসিত কৰে ধৰা । এক নতুন আশা, নতুনৰ প্ৰত্যাশা । যৌৱনৰ উতলা বা জীৱনৰ অৰ্থলৈ পৰিৱৰ্তন কৰাৰ এয়াই যে, সময় । হয় এয়াই ব’হাগ । এনেদৰেই ইহাত-সিহাত ধৰি জীৱনৰ হাত ধৰেহি ব’হাগে ৷ ব’হাগ আহিছে, আহিবই ব’হাগ । কাৰণ ৰঙালী ব’হাগতেই আছে চহা জীৱনৰ প্ৰাণ (Rangali Bihu 2023) । বৰ্তমান আৰু ভৱিষ্যতৰ গান (Rangali Bihu of Assam) ।
ব’হাগক যিমান উপমাৰেই বিশ্লেষণ কৰিব নোখোজক কিয়, সদায়ে শব্দৰ অনাটন হৈয়েই । কাৰণ ব’হাগ কোনো এটা নিৰ্দিষ্ট শব্দ নহয় ৷ ব’হাগ নিজেই এক শব্দ গুচ্ছ । সেয়েহে ব’হাগৰ তুলনা কৰিবলৈ গৈ কবি-সাহিত্যিকেও থমকি ৰ’ৱ লগা হয় ।
গীতিকাৰ-সুৰকাৰ উটি-ভাহি যায় । এটা ঋতুৰ দৃষ্টিৰে ব’হাগ এক গুৰুত্বপূৰ্ণ, বৈশিষ্ট্যপূৰ্ণ আৰু সবাতোকৈ সতেজ ঋতু । কিন্তু অসম তথা অসমীয়াৰ বাবে কেৱল এটা ঋতুতে সীমাবদ্ধ হৈ থকা নাই ব’হাগ । অসমীয়া সমাজ, সাহিত্য, সংস্কৃতি, অৰ্থনীতি- সকলো দিশতে অনবদ্য অৱদান ব’হাগৰ । কেৱল সিমানেই নে ব’হাগৰ মাদকতা ?
জাতি-জনজাতি, ভাষা-সম্প্ৰদায়, ধৰ্ম-বৰ্ণ এই সকলোতে আছে ব’হাগৰ সাঁচ । সেয়া ভিন্ন ৰঙা হ’লেও যেন একেখন চাদৰতে বুটাবচা ভিন্ন ৰঙৰ সমাহাৰ । সেয়ে হয়তো ভূপেনদাই ঠিকেই কৈ গৈছে, ‘‘ব’হাগ মাথোঁ এটি ঋতু নহয়, নহয় এটি মাহ; অসমীয়া জাতিৰ ই আয়ুসৰেখা, গণ জীৱনৰ শাহ ।’’
আজিৰে পৰা আৰম্ভ হৈছে অসমীয়াৰ আয়ুসৰেখা ৰঙালী বিহু । অসমৰ বাপতি সাহোন এই ৰঙালী বা ব’হাগ বিহুৰ বাবে এতিয়া ৰাজ্যবাসীৰ গা থৌকি-বাথৌ । স্মৰণাতীত কালৰে পৰা অসমবাসী তথা অসমীয়াই পৰম্পৰাগত নীতি-নিয়মেৰে পালন কৰি আহিছে এই ৰঙালী বিহু । বিশেষকৈ কৃষিপ্ৰধান অসমৰ চহা প্ৰাণৰ হেঁপাহৰ উৎসৱ হৈছে এই ৰঙালী বিহু । চহা কৃষকে কৃষি কাৰ্যলৈ আগবঢ়াৰ পূৰ্বে এই উৎসৱ আয়োজন কৰি নিজৰ তন-মন সতেজ কৰি ল’ব বিচাৰে (Significance of Assamese Rangali Bihu) ।