গুৱাহাটী, ২২ জানুৱাৰী :দেশত কঠোৰ জনসংখ্যা নিয়ন্ত্ৰণ আইনৰ(Strict Population Control Act) সমৰ্থনত অনুষ্ঠিত হ’ল গণস্বাক্ষৰ অভিযান ৷ গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত কলাক্ষেত্ৰৰ শ্ৰীশ্ৰী মাধৱদেৱ আন্তর্জাতিক সভাগৃহত জনসংখ্যা সমাধান ফাউণ্ডেশ্যন (Jansankhya Samadhan Foundation) অসমৰ উদ্যোগত দেশত কঠোৰ জনসংখ্যা নিয়ন্ত্ৰণ আইনৰ দাবীত গণস্বাক্ষৰ অভিযানৰ এক সজাগতা সভা অনুষ্ঠিত হয় । এই সভাত জেএছএফৰ ৰাষ্ট্ৰীয় অধ্যক্ষ অনিল চৌধুৰী আৰু ৰাষ্ট্ৰীয় সংযোজিকা মমতা ছেহগালে(Mamta Sehgal JSF) মূল ভাষণ আগবঢ়ায় ।
অসমৰ বিভিন্ন জিলাৰ পৰা অহা জেএছএফ কৰ্মীসকলক উদ্দেশ্যি ৰাষ্ট্ৰীয় অধ্যক্ষগৰাকীয়ে কয় যে- ভৱিষ্যত প্ৰজন্মৰ জীৱন জীৱিকাৰ নিৰাপত্তা, আৰু দেশৰ ঐক্যতা-অখণ্ডতাক নিৰাপদ কৰাৰ বাবে দেশত এখন কঠোৰ জনসংখ্যা নিয়ন্ত্ৰণ আইনৰ বিকল্প নাই । এখন জনসংখ্যা আইনে দেশৰ জনসংখ্যাৰ নিয়ন্ত্ৰণৰ বাবে চৰকাৰক এটা অধিকাৰ দিয়ে- যিটো অধিকাৰ ইউৰোপৰ দেশসমূহৰ লগতে জাপান, চীন, অষ্ট্ৰেলিয়া, নিউজিলেণ্ড আদি দেশৰ চৰকাৰৰ হাতত আছে ।
জনসংখ্যা আকৃতিৰ হিচাপত ভাৰতে এতিয়া চীন দেশকো পিছ পেলাইছে ৷ প্ৰতি বৰ্গ কিঃমিঃত চীনৰ জনবসতিৰ ঘনত্ব ১৫৩ জনৰ বিপৰীতে ভাৰতৰ ৪৭০ জন । চীন দেশ ভাৰততকৈ আকাৰত তিনি গুণ ডাঙৰ । জনবিস্ফোৰণৰ কবলত পৰা আমাৰ দেশখন বিশ্বৰ ভিতৰতে জনবহুল দেশ । জনবিস্ফোৰণ এটম বোমাৰ দৰে । বিধিসন্মত কঠোৰ নিয়ন্ত্ৰণ ব্যৱস্থা নাথাকিলে জনসংখ্যাৰ বিস্ফোৰণে দেশত নিবনুৱাৰ ধাৰাষাৰ বৃদ্ধি, মূল্যবৃদ্ধি, পাৰিপাশ্বিকতাৰ ধ্বংস, বেদখল আৰু অৱশেষত গৃহযুদ্ধৰ সূচনা কৰি দেশক খণ্ড-বিখণ্ড কৰে ।