অসম

assam

ETV Bharat / state

কি কাৰণে খঙত অগ্নিশৰ্মা সিদ্ধাৰ্থ ভট্টাচাৰ্য - ব্যক্তিগত টিভি চেনেল

সংবাদ মেলত ক্ষোভৰ বহিঃপ্ৰকাশ ঘটিল গুৱাহাটী নগৰ উন্নয়ন দপ্তৰৰ দায়িত্বত থকা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ ৷ কিয়নো দেওবাৰে এখন ব্যক্তিগত বাতৰি কাকত আৰু এটা ব্যক্তিগত টিভি চেনেলে তেওঁৰ কাৰ্যকালত হোৱা নিয়োগৰ কেলেংকাৰী প্ৰসংগত সবিস্তাৰে বাতৰি প্ৰকাশ কৰিছিল ৷

খঙত অগ্নিশৰ্মা সিদ্ধাৰ্থ, কিন্তু কিয় ?
খঙত অগ্নিশৰ্মা সিদ্ধাৰ্থ, কিন্তু কিয় ?

By

Published : Mar 21, 2021, 9:14 PM IST

গুৱাহাটী,21 মাৰ্চঃ এটা ব্যক্তিগত সংবাদ প্ৰতিষ্ঠানৰ বিৰুদ্ধে সৰৱ হ’ল মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য ৷ খঙত অগ্নিশৰ্মা ভট্টাচাৰ্যৰ মন্তব্য- “মই সিদ্ধাৰ্থ ভট্টাচাৰ্য হওঁ ৷ আজিলৈকে কাৰো ওচৰত মূৰ দোওঁৱা নাই আৰু নোদোঁৱাও" ৷ আচলতে আগন্তুক নিৰ্বাচনত সিদ্ধাৰ্থ ভট্টাচাৰ্যই পূৱ গুৱাহাটী সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াই মনোনয়ন দাখিল কৰাৰ পাছত নিৰ্বাচনী আয়োগৰ ফালৰ পৰা মনোনয়ন শুদ্ধভাৱে গ্ৰহণ কৰা হৈছে বুলি জানি তেওঁৰ কাৰ্যকালত কৰা উন্নয়নৰ খতিয়ান আৰু নিৰ্বাচনী প্ৰচাৰ অভিযান সন্দৰ্ভত নিজা বাসভৱনত দেওবাৰে এখন সংবাদমেলৰ আয়োজন কৰিছিল ৷

উক্ত সংবাদ মেলতে ক্ষোভৰ বহিঃপ্ৰকাশ ঘটিল গুৱাহাটী নগৰ উন্নয়ন দপ্তৰৰ দায়িত্বত থকা মন্ত্ৰী গৰাকীৰ ৷ কিয়নো দেওবাৰে এখন ব্যক্তিগত বাতৰি কাকত আৰু এটা ব্যক্তিগত টিভি চেনেলে তেওঁৰ কাৰ্যকালত হোৱা নিয়োগৰ কেলেংকাৰী প্ৰসংগত সবিস্তাৰে বাতৰি প্ৰকাশ কৰিছিল ৷ সংবাদমেলৰ আৰম্ভণিতেই মন্ত্ৰী গৰাকীয়ে গুৱাহাটীৰ পানী প্ৰকল্প দুয়োটা কাৰ্যক্ষম নোহোৱা প্ৰসংগ আৰু নতুনকৈ প্ৰকল্প নিৰ্মাণ আদি বিষয়ত বক্তব্য ৰখাৰ পাছত নিয়োগ কেলেংকাৰী বিষয়টোক লৈ ক্ষোভত ফাটি পৰে ৷ মন্ত্ৰী ভট্টাচাৰ্যৰ মন্তব্য-“জন মানসত মোক হেয় প্ৰতিপন্ন কৰাৰ চেষ্টা চলাইছে ৷ এটা দিনৰ ভিতৰত সংবাদ প্ৰতিষ্ঠানটোৱে স্পষ্টীকৰণ কৰক ৷ অন্যথা মই আদালতৰ কাষ চাপিম" ৷

কি কাৰণে খঙত অগ্নিশৰ্মা সিদ্ধাৰ্থ ভট্টাচাৰ্য

আনহাতে পূৱ গুৱাহাটী সমষ্টিত চিপৰাং ৰাজনীতি সন্দৰ্ভতো মন্তব্য মন্ত্ৰী সিদ্ধাৰ্থৰ -“চিপৰাং কোমল মাটিতহে মৰা হয় ৷ শিলত নহয় ৷ শিলত মাৰিলে শিলৰ একো নহয় ৷ চিপৰাঙহে ভাঙিব”-এইদৰে দেওবাৰৰ সংবাদমেলত নিজকে শিলৰ লগত তুলনা কৰিলে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই ৷

লগতে পঢ়কঃসুস্থ সাংবাদিকতা অবিহনে গণতন্ত্ৰ অসম্পূৰ্ণ: জিতেন্দ্ৰ সিং

ABOUT THE AUTHOR

...view details