গুৱাহাটী,21 মাৰ্চ :বিজেপিয়ে এইবাৰৰ বিধানসভা নিৰ্বাচনত বৰ্তমানৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যক পুনৰ দলীয় প্ৰাৰ্থিত্ব নিদিবও পাৰে বুলি ব্যাপক জল্পনা-কল্পনা চলিছিল । কিন্তু মূৰকত দেখা গ’ল দলৰ শীৰ্ষ নেতৃত্বই পূৱ-গুৱাহাটী সমষ্টিত তেওঁকেই যোগ্য প্ৰাৰ্থী বুলি বিবেচনা কৰি দলীয় প্ৰাৰ্থিত্ব প্ৰদান কৰিলে । পুনৰ প্ৰাৰ্থিত্ব লাভ কৰি সিদ্ধাৰ্থ ভট্টাচাৰ্য এতিয়া নিশ্চিত যে, দ্বিতীয় বাৰৰ বাবে তেওঁ সমষ্টিটোক প্ৰতিনিধিত্ব কৰিবলৈ সক্ষম হ’ব ।
ইটিভি ভাৰতৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই মন্তব্য কৰে যে, "পূৱ-গুৱাহাটী সমষ্টিত মোৰ সৈতে প্ৰতিদ্বন্দিতা কৰিব পৰাকৈ এইবাৰ কোনোবা প্ৰাৰ্থী আছে বুলি মই নাভাবো । প্ৰথমে কংগ্ৰেছৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰিব বুলি যি সকলৰ নাম ওলাইছিল, সেই সময়ত মই অলপ চিন্তিত হৈছিলো । কিন্তু অৱশেষত কংগ্ৰেছে যিগৰাকী প্ৰাৰ্থী আগবঢ়ালে তালৈ চাই মই মোৰ বিজয় নিশ্চিত বুলি ভাবিবলৈ বাধ্য হ'লো । কংগ্ৰেছতো যে মোক ইমান ভাল পোৱা মানুহ আছে মই জনাই নাছিলো ।"