গুৱাহাটী, ১৩ অক্টোবৰ: আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ পৰীক্ষাৰ কেলেংকাৰি সন্দৰ্ভত নিতৌ নতুন নতুন তথ্য পোহৰলৈ আহিছে। যোৱা ২০ছেপ্টেম্বৰত অনুষ্ঠিত হোৱা বিতৰ্কিত পৰীক্ষাৰ কেলেংকাৰিৰ তদন্ত অব্যাহত ৰাখিছে CIDয়ে। প্ৰশ্নকাকত ফাদিলৰ সূত্ৰপাত কৰিমগঞ্জ আৰক্ষীৰ পৰাই হোৱা বুলি CIDয়ে সন্দেহ প্ৰকাশ কৰিছে। ইতিমধ্যে এই কেংকাৰিৰে বহু নামী-দামী লোকৰ নাম জড়িত হৈ পৰিছে।
খলনায়ক পি কে দত্ত, দিবন ডেকা আৰক্ষীৰ জালত পৰাৰ পিছতে আচৰিতভাৱে অক্ষয় টেলিকমিউনিকেশ্যনৰ অংশীদাৰ ৰুবুল হাজৰিকা আৰু সৰোজ শৰ্মায়ো আত্মসমৰ্পণ কৰে। আটাইকেইজনে প্ৰশ্নকাকত ফাদিলক লৈ মুখ খুলিছে। পি কে দত্ত, দিবন ডেকা, ৰুবুল হাজৰিকা, সৰোজ শৰ্মাৰ স্বীকাৰোক্তিৰ ভিত্তিত CIDয়ে কৰিমগঞ্জ আৰক্ষীৰ জিম্মাৰ পৰা প্ৰশ্নকাকত ফাদিল হোৱাৰ সন্দেহ কৰিছে। সোমবাৰে কৰিমগঞ্জৰ তদানীন্তন আৰক্ষী অধীক্ষক সঞ্জিত কৃষ্ণক সোধা-পোছাও কৰে।